কৰ’নাত আক্ৰান্ত বিধায়ক অশোক শৰ্মাক জি এম চি এইচলৈ প্ৰেৰণ

কৰ’নাত আক্ৰান্ত নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মাক জি এম চি এইচত ভৰ্তি কৰা হৈছে । যোৱা ১২ ছেপ্টেম্বৰত বিধায়ক গৰাকী আৰু তেওঁৰ পত্নী প্ৰণিতা দেৱী ক’ভিড-১৯ত আক্ৰান্ত বুলি স্বাস্থ্য বিভাগে নিশ্চিত কৰাত দুয়ো শ্বহীদ মুকুন্দ কাকতিৰ অসামৰিক চিকিৎসালয় ক’ভিড -১৯ কেন্দ্ৰত চিকিৎসাধীন হৈ আছিল ।

বৃহস্পতিবাৰে বিধায়ক গৰাকীৰ অক্সিজেনৰ গতি যথেষ্ট হ্ৰাস পোৱাত ততাতৈয়াকৈ ১০৮ এম্বুলেঞ্চৰ সহায়ত জি এম চিএইচ লৈ প্ৰেৰণ কৰা হয় । সম্প্ৰতি বিধায়ক গৰাকী স্বাভাৱিক অৱস্থাত থকা বুলি চিকিৎসালয় সূত্ৰই জানিবলৈ দিয়ে । বৰ্তমান বিধায়ক গৰাকীৰ পত্নীও বিধায়ক গৰাকীৰ স’তে জিএম চি এইচত চিকিৎসাধীন হৈ আছে ।

ইফালে বিধায়ক গৰাকীৰ কন্যা পৰীস্মিতা দেৱীও আজি কৰ’নাত আক্ৰান্ত হোৱা বুলি নিশ্চিত কৰিছে স্বাস্থ্যবিভাগে । সম্প্ৰতি তেওঁ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ ক’ভিড -১৯ চিকিৎসা কেন্দ্ৰত চিকিৎসাধীন হৈ আছে ।

উল্লেখ্য যে আজি জিলাখনত ৩১ জন ৰোগীৰ দেহত কৰ’না পজিটিভ ধৰা পৰে । আনহাতে এই পৰ্যন্ত নলবাৰীত কৰ’না আক্ৰান্তৰ সংখ্যা ২,৭৫১ জনলৈ বৃদ্ধি হয় ।

Exit mobile version