কৰ’নাৰ মৃতকৰ বাবে শ্মশানত খান্দিব লাগিব গাঁত

Screenshot 114

কৰ’নাক প্ৰতিৰোধ কৰাত মাস্কৰ প্ৰয়োজনীয়তা অপৰিহাৰ্য । কিন্তু সংক্ৰমণক বাধা দিবলৈ দেশবাসীক বাধ্যতামূলকভাৱে মাস্ক পৰিধান কৰোৱাত নিদ্ৰাহৰণ হৈছে প্ৰশাসনৰ । এই ক্ষেত্ৰত এক অভিনৱ শাস্তিৰ ব্যৱস্থা কৰিছে ইন্দোনেছিয়া চৰকাৰে । যি শাস্তিয়ে এতিয়া সমগ্ৰ বিশ্বৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ।

ইন্দোনেছিয়াত মাস্ক পৰিধান নকৰাসকলক পোনপটীয়াভাৱে প্ৰেৰণ কৰিবলৈ লোৱা হৈছে শ্মশানলৈ । আইন অমান্য কৰি মাস্ক পৰিধান নকৰাসকলক কৰ’নাত মৃত্যু হোৱাসকলৰ সমাধিৰ বাবে শ্মশানত গাঁত খান্দিবলৈ বাধ্য কৰা হৈছে । দিনটোত আধা অথবা এঘণ্টাৰ পৰিৱৰ্তে শ্মশানলৈ যিমানবাৰ মৃতদেহ আহে সীমানবাৰেই আইন অমান্য কৰাসকলে সমাধিৰ বাবে গাঁত খান্দিবলৈ বাধ্য হৈছে ।

স্থানীয় প্ৰশাসনৰ পৰা জনোৱা অনুসৰি কৰ’নাৰ সংকটৰ বাবে সমাধিৰ গাঁত খান্দিবলৈ মানুহ বিচাৰি নোপোৱা অৱস্থা হৈছে । তদুপৰি মাস্ক অবিহনে ঘূৰি ফুৰিলে কৰ’না সংক্ৰমণ বৃদ্ধিৰ আশংকাও থাকে । মাস্ক অবিহনে এইসকলে বাটে -পথে, বজাৰে বজাৰে ঘূৰি আছে । মাস্ক পৰিধান কৰিবলৈ ক’লেই এই লোকসকলে বিৰক্তি প্ৰকাশ কৰে ।

এনে অৱস্থাত ইন্দোনেছিয়াৰ চৰকাৰে এই অভিনৱ শাস্তিৰ ব্যৱস্থা কৰে । সমগ্ৰ দিনটো সমাধিৰ বাবে গাঁত খান্দিবলগীয়া হোৱাত আইন অমান্য কৰাসকলৰ মাজত আতংকৰো সৃষ্টি হ’ব । আনহাতে, ইয়াৰ দ্বাৰা সচেতনতা বৃদ্ধিৰো আশা কৰা হৈছে।

Exit mobile version