গুগলৰ নিৰ্দেশনা উলংঘন কৰাৰ বাবে গুগল প্লে ষ্টৰৰ পৰা আঁতৰাই দিয়া হ’ল Paytm

paytm facebook 889324 1600423142

ৰহস্যজনক ভাৱে গুগল প্লে ষ্টৰৰ পৰা টকা লেন-দেনৰ এক ডিজিটেল এপ Paytm এপটো আঁতৰাই দিয়া হৈছে । One97 Communication Ltd নামৰ এটা সংস্থাৰ হাতত আছে Paytm ৰ মালিকীস্বত্ব । এতিয়াৰে পৰা আপুনি প্লে’ ষ্টৰত চাৰ্চ কৰিলেও নাপাব Paytm এপটো । কিন্তু অন্যান্য এপ যেনে Paytm For Business, Paytm Money, Paytm Mall ইত্যাদি উপলব্ধ থাকিব প্লে ষ্টৰত ।

এই সন্দৰ্ভত টুইটাৰত এক প্ৰতিবেদনত কয় যে, ‘ Paytm Anroid app টি অস্থায়ী ৰূপত আঁতৰাই দিয়া হৈছে। নতুনকৈ ডাউনলোড আৰু আপডেট কৰিব নোৱাৰিব ব্যৱহাৰকাৰীসকলে । কিন্তু অতি সোনকালেই পুনৰ উপলব্ধ হ’ব এপটো। ব্যৱহাৰকাৰী সকল এই ক্ষেত্ৰত চিন্তিত হোৱাৰ প্রয়োজন নাই । সকলো টকা সুৰক্ষিত অৱস্থাতে থাকিব ।’

Exit mobile version