চাহ জনগোষ্ঠীৰ প্ৰথমজন সাহিত্যিক প্ৰয়াত হামদেৰ তাৰা নাৰায়ণ ঘাটোৱাৰৰ পত্নী অৰুণা ঘাটোৱাৰক আজি ডিব্ৰুগড়ৰ জিএমচিএইচলৈ প্ৰেৰণ কৰা হয়। কিছুদিন পূৰ্বে কাম কৰি থকা অৱস্থাত ভৰিত আঘাত পাইছিল ঘাটোৱাৰৰ পত্নীয়ে। কিন্তু প্ৰয়োজনীয় চিকিৎসাৰ অভাৱত চিকিৎসা কৰিব পৰা নাছিল হামদেৰ তাৰাই ।
ইয়াৰ পাছতে ঘাটোৱাৰৰ পত্নীৰ খবৰ ল’বলৈ বিজেপি চাহ মৰ্চা আৰু অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ নেতৃবৰ্গই তেওঁৰ ঘৰত উপস্থিত হৈ চৰকাৰ তথা প্ৰশাসনৰ সহায় বিচাৰি সংবাদ মাধ্যমৰ জৰিয়তে অনুৰোধ জনাইছিল। এই খবৰ লাভ কৰাৰ পাছতে সঞ্জয় কিষান আৰু পল্লৱ লোচন দাসে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে ঘাটোৱাৰৰ লগতে সংগঠনৰ লোকে।
উল্লেখ্য যে, অসমীয়া সাহিত্য জগতৰ প্ৰতি সেৱা আগবঢ়াই কে’বাখনো মূল্যবান গ্ৰন্থ লিখি থৈ গৈছে। তাৰ পিছতে ঘাটোৱাৰৰ একমাত্র পুত্ৰ দুৰ্ঘটনা পতিত হৈ অসুস্থ অৱস্থাত দিন হাজিৰা কৰি পৰিয়াল চলাবলগীয়া হৈছে। এই সময়ত পৰিতাপৰ বিষয় যে, এই সন্দৰ্ভত চাবুৱা শাখা সাহিত্য সভাৰ কোনো এজন সদস্যই কাণসাৰ দিয়া নাই।
আনহাতে, লেখিকা তথা উপন্যাসিকা জুৰি বৰা বৰগোঁহাই উপস্থিত হৈ পৰিস্থিতিটো বুজ লয় আৰু প্ৰয়াত ঘাটোৱাৰ সৃষ্টিৰাজিৰ ওপৰত এক গৱেষণা কৰিব বুলি প্ৰকাশ কৰে।