সৰুক্ষেত্ৰীত সংঘটিত হয় বাল্য বিবাহৰ ঘটনা

pakistan woman abduction reuters

ৰাজ্যত ক্ৰমাগতভাৱে বৃদ্ধি পাই আহিছে নাৰীজনীত অপৰাধ । ৰাজ্যত এতিয়াও অব্যাহত আছে বাল্যবিবাহৰ দৰে ঘটনা । সৰুক্ষেত্ৰী সমষ্টিৰ পাকাবেতবাৰী গাঁৱত চাইল্ড লাইনে বিবাহথলীৰ পৰাই উদ্ধাৰ কৰে এগৰাকী কিশোৰীক। প্ৰাপ্ত তথ্য অনুসৰি চিৰাং জিলাৰ ছিডলী থানাৰ অন্তৰ্গত মোজাবাৰী গাঁওৰ আব্দুল বাছেৰৰ পুত্ৰ ৰফিকুল ইছলামৰ (২৫) লগত একেখন গাঁৱৰে বাসিন্দা তুলা মিয়াৰৰ অষ্টম শ্ৰেণীত পঢ়ি থকা জীয়ৰী মুজাবাৰীৰ লগত গোপনে বিবাহৰ দিন ঠিক কৰে ।

যোৱা ১১ ছেপ্টেম্বৰত এই বিবাহখন সম্পন্ন হয় সৰুক্ষেত্ৰীৰ সমষ্টিৰ পাকাবেতবাৰী গাঁৱৰ ছামচুল হকৰ বাসগৃহত । ছামচুল হকৰ সহযোগতে সংঘটিত এই বাল্য বিবাহৰ ঘটনা । উক্ত ঘটনা সন্দৰ্ভত বৰপেটা চাইল্ড লাইনৰ সমন্বয়ক ৰফিকুল ইছলামে খবৰ লাভ কৰি সৰুক্ষেত্ৰীৰ যুৱ সমাজকৰ্মী মণিৰোজ জামান, সংবাদকৰ্মী আবু নাছিৰ আলম, বৰপেটা জিলা আমছুৰ সাংগঠনিক সম্পাদক ওৱাহেদুৰ শিকদাৰৰ সহযোগত বিবাহস্থলীত উপস্থিত হয় ।

চাইল্ড লাইনৰ দল উপস্থিত হোৱাৰ খবৰ লাভ কৰিয়ে বিবাহস্থলীৰ পৰা পলায়ন কৰে কন্যাৰ পিতৃৰ লগতে দৰাৰ পিতৃ-মাতৃ। ঘটনাস্থলীত উপস্থিত হৈয়ে চাইল্ড লাইনে উক্ত বিবাহ খন বন্ধ কৰিবলৈ নিৰ্দেশ দিয়ে । লগতে ১২ ছেপ্টেম্বৰত কিশোৰীগৰাকীক লৈ ছামচুল হকক চাইল্ড লাইনৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ নিৰ্দেশ দিয়ে ।

কিন্তু ছামচুল হকে কিশোৰী গৰাকীক চাইল্ড লাইনৰ কাৰ্যালয়লৈ নিয়াৰ বিপৰীতে দৰাৰ স’তে চিৰাঙলৈ পঠাই দিয়ে । ছামচুল হকৰ এই কাৰ্যক সকলোৱে ধিক্কাৰ দিয়াৰ লগতে এই ঘটনাৰ বাবে ছামচুল হকক উচিত শাস্তি প্ৰদানৰ বাবে দাবী জনাইছে স্থানীয় লোকে ।

Exit mobile version