এন আই চিৰ পৰা প্রধানমন্ত্ৰী মোডী-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাৰ তথ্য চুৰি

106217398 1572587116497gettyimages 591881449

ভাৰতৰ চৰকাৰী তথ্যৰ ওপৰত কুদৃষ্টি পৰিছে চীনা হেকাৰৰ।লাডাখত আগ্ৰাসী অভিযান চলাই ভাৰতীয় সেনাৰ সতৰ্কতাৰ বাবে ব্যৰ্থ হোৱাৰ পাছত এতিয়া বিভিন্ন অপকৌশল ৰচনাত নামিছে চুবুৰীয়া দেশখন ।

ইয়াৰ মাজতেই নেছনেল ইনফৰমেটিকছ চেণ্টাৰৰ কম্পিউটাৰত সিন্ধি দিবলৈ সক্ষম হৈছে হেকাৰে।দিল্লী আৰক্ষীয়ে জনোৱা অনুসৰি এন আই চিৰ কম্পিউটাৰৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তথা ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল সম্পৰ্কিত বহু তথ্য চুৰি কৰি নিবলৈ সক্ষম হয় হেকাৰ।বাংগালুৰুৰ এক বেচৰকাৰী কাৰ্যালয়ৰ পৰা উক্ত ই-মেইল প্ৰেৰণ কৰা হৈছিল।

দিল্লী আৰক্ষীৰ চাইবাৰ শাখাৰ বিশেষ চেলে ইতিমধ্যে বাংগালুৰুৰ কাৰ্যালয়টো চিনাক্ত কৰিছে। উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰৰ তথ্য প্ৰযুক্তি তথা যোগাযোগ সংক্ৰান্ত বিষয়বিলাক চোৱা -চিতা কৰে এন আই চিয়ে।

সমগ্ৰ ঘটনাটোৰ পাছত চীনৰ তথ্য প্ৰযুক্তি সংস্থা ‘চেনহুৱা ‘ৰ হাত থাকিব পাৰে বুলি তদন্তৰে জড়িত থকাসকলে সন্দেহ প্ৰকাশ কৰিছে।তথ্য চুৰিৰ এই ঘটনা সন্দৰ্ভত এটা গোচৰো পঞ্জীয়ন কৰা হৈছে।

সম্প্ৰতি উত্থাপিত হোৱা অভিযোগ অনুসৰি চীনৰ চেনঝেনস্থিত তথ্য প্ৰযুক্তি সংস্থা ‘চেনহুৱা’ ডাটা ইনফৰমেছন টেকন’লজি কোম্পানী লিমিটেড ‘ৰ দ্বাৰা ভাৰতৰ ৰাজনীতি ,ন্যায় ব্যৱস্থা, প্ৰশাসন ,প্ৰতিৰক্ষাকে ধৰি সংবাদ মাধ্যম আৰু বাণিজ্য ক্ষেত্ৰৰ মুঠ ১০ হেজাৰ প্ৰভাৱশালী লোকৰ গোপন তথ্য সংগ্ৰহ কৰি থকা হৈছে।’

নেছনেল চাইবাৰ ছিকিউৰিটী কো-অৰ্ডিনেটৰ’ৰ নেতৃত্বত ‘চেনহুৱা’ৰ বিৰুদ্ধে ইতিমধ্যে তদন্ত প্ৰক্ৰিয়া আগবঢ়াই নিয়া হৈছে।

Exit mobile version