চিৰাঙৰ ১৮ নং মানাস সেৰফাং পৰিষদীয় সমষ্টিত ইউ পি পিএলৰ নিৰ্বাচনী প্ৰচাৰ তুংগত

f4477ee7 7bbb 49b9 b768 890ae9dfe181

চিৰাঙত বিটিচিৰ পৰিষদীয় নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে ইউ পি পিএল দলৰ । আজি দলটোৰ এজন সম্পাদক নজৰুল ইচলামৰ উপস্থিতিত ১৮ নং মানাস সেৰফাং পৰিষদীয় সমষ্টিৰ ইউপিপিএল প্ৰাৰ্থী সুৰেশ দৈমাৰীৰ হৈ পানবাৰীৰ মানশ্ৰি বজাৰত অনুষ্ঠিত কৰা নিৰ্বাচনী সভাত অঞ্চলটোৰ সহশ্ৰাধিক লোকে অংশগ্ৰহণ কৰে ।

উক্ত সভাতে বিপিএফ আৰু গণ সুৰক্ষা পাৰ্টীৰ বহু কেইজন লোকে অংশগ্ৰহণ কৰে । সভাত উপস্থিত থাকি ইউপিপিএলৰ সম্পাদক নজৰুল ইচলামে কয় যে তলাবন্ধ শেষ হৈ এতিয়া আনলক ৪ চলি আছে । বিদ্যালয়সমুহো খোলাৰ প্ৰচেষ্টা চলি আছে । গতিকে এই সময়তে বিটিচি নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে নিৰ্বাচন আয়োগক অনুৰোধ জনায় ।

কাৰণ অহা ২৭ অক্টোবৰ বিটিচিত ৰাজ্যপাল শাসনৰ ৬ মাহ সম্পূৰ্ণ হ’ব এই সময়ছোৱাত বহু উন্নয়নমূলক কাম স্থবিৰ হৈ পৰিছে । বিটিচিবাসী আজি নিৰ্বাচনৰ বাবে প্ৰস্তুত বুলিও কয় সম্পাদকজনে । তেওঁ আৰু কয় যে বিটিচিৰ ৩৫ লাখ জনতা আজি ইউপিপিএলৰ লগত আছে পৰিৱৰ্তন বিচাৰি । ইতিমধ্যে ইউপিপিএলৰ সদস্য সংখ্যা ১৬ লাখ অতিক্ৰম কৰিছে বুলিও কয় নেতা জনে ।

বিগত সময়ছোৱাত ১৭ বছৰে বিপিএফৰ অপশাসনৰ পৰা পৰিবৰ্তন বিচাৰি বিটিচি বাসী ভোটাৰ সকলে ইউ পিপিএল দলকে বিকল্প হিচাবে বাছি লৈছে বুলি জনায় ইউপিপিএলৰ নেতা তথা এনডিএফবি (ছা)ৰ সম্পাদক ৰঞ্জিত বসুমতাৰীয়ে । তেওঁ কয় যে ইউপিপি এল দলে বিটিচিত ২৬ৰ পৰা ২৮ খন আসনত বিজয় হোৱাটো নিশ্চিত হৈছে । সভাত ইউপিপিএল দলৰ বহু কেইজন নেতাই উপস্থিত থাকি উদাত্ত কণ্ঠেৰে ভাষণ দিয়ে ।

Exit mobile version