তেজপুৰৰ পাৰ্শ্বৱৰ্তী অঞ্চলত নিধিৰাম চৰ্দাৰৰ ভূমিকাত বনবিভাগ

IMG 20200919 172542

তেজপুৰৰ দাঁতিকাষৰীয়া পখিয়াঝাৰকে ধৰি ৰঙাপৰা,মিছামাৰীৰ বিস্তীৰ্ণ অঞ্চলত এতিয়াও বনৰীয়া হাতীৰ উপদ্ৰৱ অব্যাহত আছে৷সোণাই ৰূপাই অভয়াৰণ্য আৰু নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ জাক জাক হাতী ওলাই আহি কৃষকৰ পথাৰ তহিলং কৰিছে ৷

উল্লেখযোগ্য যে সোণাই ৰূপাই আৰু নামেৰীৰে সংলগ্ন বালিপৰা আৰু চাৰিদুৱাৰ বনাঞ্চল নিঃশেষ হোৱাৰ লগতে সোণাই ৰূপাইৰ বৃহৎ অংশ কেতিয়াবাই জনাঞ্চলত পৰিণত হ’ল৷এনে পৰিস্থিতিত পূৰ্বে শিঙৰি আৰু বালিপৰা,চাৰিদুৱাৰ বনাঞ্চলৰ মাজত বন্যহস্তীয়ে আশ্ৰয় লোৱা অঞ্চলসমূহ সংকুচিত হৈ পৰাত বনৰীয়া হাতীৰ জাকে জনাঞ্চলত প্ৰবেশ কৰিবলৈ লয়৷

পৰিস্থিতি এতিয়া এনে হৈছে যে কৃষিপ্ৰধান পখীয়াঝাৰ অঞ্চলৰ বহু কৃষকে এতিয়া পথাৰ উদং ভাবে পেলাই থ’ব লগীয়া হৈছে৷যোৱা চাৰিদিনৰ ভিতৰত এই অঞ্চলৰ কৃষিপথাৰত ৪০টাৰ অধিক হাতীৰ জাকে ধানখেটি তহিলং কৰিছে ৷

আনহাতে যোৱা পহিলা ছেপ্তেম্বৰত ৰঙাপৰাত সোনাজুলি চাহবাগিছাৰ নাহৰণি গ্ৰান্তৰ অবিনাশ গুৰিয়া নামৰ ৫৫বছৰীয়া লোকজনক বনৰীয়া হাতীয়ে হত্যা কৰাৰ পাছত শুক্ৰবাৰে ৰঙাপাৰৰে চেচাবস্তিত এঞ্জেলা খেৰীয়া নামৰ আন এগৰাকী মহিলাক বন্যহস্তীৰ জাকে হত্যা কৰে৷ একেদৰে চাৰিদুৱাৰৰ কলনি চাহবাগিছা,মোলান গাঁও,ৰঙাপৰাৰ বিস্তীৰ্ণ কৃষিপথাৰ,বিন্দুকুৰি,লোক্ৰা,পখীয়াঝাৰ আদি অঞ্চলত জাক জাক বনৰীয়া হাতীৰ বিচৰণে বানত জুৰুলা হোৱা কৃষকৰ অৱস্থা আৰু অধিক জুৰুলা কৰিছে ।

আনকি কৃষকসকলৰ অজ্ঞতাৰ কাৰণে বহু সময়ত তেওঁলোকে এই ক্ষতিপূৰণ লাভৰ বাবে আবেদন নকৰাকৈ থাকি যায়৷তদুপৰি,বিভাগীয় ক্ষতিপূৰণ লাভতো যথেষ্ট বিলম্ব হোৱাৰ অভিযোগ কৰিছে ৰাইজে। অঞ্চলটোৰ পৰা একাংশ বিভাগীয় বন বিষয়াৰ ৰোষত পৰি বন্যহস্তীৰ আগ্ৰাসনক বাধা দিয়াৰ ক্ষেত্ৰত অভিজ্ঞ বনকৰ্মীক বদলি কৰাৰ পাছতে মিছামাৰীৰ লগতে ৰঙাপৰা আৰু তেজপুৰৰ অঞ্চল বিশেষে বন্যহস্তীৰ উপদ্ৰৱ বৃদ্ধি পোৱা বুলি ৰাইজে অভিযোগ কৰিছে৷

তদুপৰি,বন সংৰক্ষকৰ লগতে বিভাগটোৰ একাংশ শীৰ্ষ বিষয়াৰ মনমৰ্জি অনুসৰি একাংশ দুৰ্নীতিপৰায়ণ বনবিষয়াক তেজপুৰৰ লগতে জিলাখনলৈ বদলি কৰি আনি সংস্থাপিত কৰাৰ বাহিৰে কৃষক ৰাইজৰ হাঁহাকাৰ অৱস্থাৰ বিষয়ে জনাৰ সামান্য আগ্ৰহো নথকাত অঞ্চলটোত বনৰীয়া হাতীৰ উপদ্ৰৱ অধিক বৃদ্ধি পোৱাৰ আশংকা ঘনীভূত হৈছে৷

Exit mobile version