নগাঁৱত মহিলাৰ ৰহস্য জনক মৃত্যু

1. Murder Main Page Cover

নগাঁও চহৰৰ লাওখোৱা পথ চান্দমাৰীৰ এগৰাকী বিবাহিত মহিলাৰ ৰহস্য জনক মৃত্যুৰ তথ্য পোহৰলৈ অহাত নগাঁৱত চাঞ্চল্যৰ সৃষ্টি হৈছে। এই সন্দৰ্ভত মহিলা গৰাকীৰ পিতৃ বৰ্তমান গুৱাহাটী বাসিন্দা বিশ্বনাথ কৰ্মকাৰে নগাঁও সদৰ থানাত এক এজাহাৰ দাখিল কৰাৰ পাছতে মহিলা গৰাকীৰ মৃত্যু তথ্য পোহৰলৈ আহিছে।

কৰ্মকাৰে এজাহাৰত উল্লেখ কৰা অনুযায়ী, তেওঁৰ কন্যা অমৃতা সুত্ৰধৰ প্ৰায় পাঁচ বছৰৰ পূৰ্বে লাওখোৱা ৰোড চান্দমাৰী পথৰ বিপ্লৱ সুত্ৰধৰৰ লগত বিবাহ হৈছিল। তেওঁলোকৰ এটি চাৰি বছৰীয়া সন্তানো আছে। বিয়াৰ কিছু দিনৰ পিছৰে পৰা তেওঁৰ জী- জোঁৱাইৰ তেওঁৰ সৈতে‌ গুৱাহাটীৰ ঘৰতে বসবাস কৰি সংসাৰ চলাই আছিল। কিছু দিনৰ পূৰ্বে তেওঁৰ জোঁৱাই বিপ্লৱ সুত্ৰধৰ কাম বিচাৰি এলাহাবাদলৈ যায় ।

ইয়াৰ পিছৰে পৰা নগাঁও চহৰৰ হয়বৰগাঁও লাচিত নগৰৰ লিটন সাহা নামৰ এজন যুৱকে তেওঁৰ ছোৱালীৰ লগত গোপনে যোগসূত্ৰ স্থাপন কৰে। বিভিন্ন ফুচলনিৰে লিটন সাহাই ১৩ ছেপ্টেম্বৰত পুৱা তেওঁৰ ছোৱালীক গুৱাহাটী পৰা নগাঁৱলৈ লৈ আহে । সেই দিনাই সন্ধিয়া ভাগত লিটন সাহাই তেওঁক ফোন কৰি জনাই যে অমৃতা হোটেলত আহাৰ খাই অসুস্থ হৈ পৰিছে আৰু অমৃতাক নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

নিশালৈ তেওঁৰ ছোৱালী মৃত্যু হৈছে বুলি চিকিৎসালয়ৰ আৰক্ষী চকীৰ পৰা তেওঁক জনাইছিল। অমৃতাৰ পিতৃয়ে সংবাদ মাধ্যমক কয়,” হঠাৎ মোৰ ছোৱালী মৃত্যু হোৱা অন্তৰালৰ মই ৰহস্য জৰিত থকাৰ কথা গম পাইছোঁ । তাইক হয়তো লিটন সাহাই অতিৰিক্ত নিচাযুক্ত দ্ৰব্য‌ সেৱন কৰাই এই পৰিস্থিতিলৈ লৈ গ’ল।

এই‌ সন্দৰ্ভত ১৫ ছেপ্টেম্বৰত বিশ্বকৰ্মাই নগাঁও সদৰ থানাত এজাহাৰ দাখিল কৰি উল্লেখ কৰিছে যে লিটন সাহাই পৰিকল্পিত ভাবে ‌ অমৃতাক হত্যা কৰিছে‌ বুলি তেওঁৰ সন্দেহ হৈছে । তেওঁ লগতে দোষীক দৃষ্টান্ত মূলক শাস্তি দিয়াৰ দাবী উত্থাপন কৰিছে। নগাঁও সদৰ থানাই এই সন্দৰ্ভত ২২৩৯ /২০২০ নম্বৰৰ এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে যদিও অভিযুক্তক গ্ৰেপ্তাৰ কৰিব পৰা ‌নাই।

Exit mobile version