বিধ্বস্ত ভাৰতীয় অৰ্থনীতিৰ ৰূপ:কাৰো মাঘমাহ,কাৰো সৰ্বনাশ!

Super Rich 1

কৰ’নাই দেশৰ অৰ্থনীতিত মাধমাৰ শোধোৱাৰ সময়তে বৃদ্ধি পাই গৈ আছে ধনাঢ্য ভাৰতীয় লোকৰ সংখ্যা। অৰ্থনৈতিক বিশেষজ্ঞসকলৰ সকলো হিচাপ নিকাচক একাষৰীয়া কৰি ভাৰতীয় অৰ্বুদপতিৰ তালিকাত আৰু ১৫ ভাৰতীয়ৰ নাম সংযোজিত হৈছে। যোৱা ছটা মাহত পৰিস্থিতি অনুকূল নথকা সত্ত্বেও এইসকল ভাৰতীয়ৰ ধনৰ ভঁৰাল টনকিয়াল হৈছে।

“ফ’ৰ্বছ”ৰ “ৰিয়েল টাইম বিলিয়নাৰ”ৰ তালিকাই এই তথ্য পোহৰলৈ আনিছে। যোৱা মাৰ্চত প্ৰকাশিত এই তালিকাত ১০২ ভাৰতীয়ৰ নাম আছিল ।আনহাতে সদ্য প্ৰকাশিত তালিকাত ১১৭ জন ভাৰতীয়ৰ নাম প্ৰকাশ কৰা হৈছে। কৰ’নাৰ সংকটেও এইসকল ভাৰতীয়ৰ উন্নয়নৰ গতিপথ স্তব্ধ কৰিবলৈ সক্ষম হোৱা নাই ।এতিয়া এই ১১৭ জন ভাৰতীয়ৰ হাতত মুঠ ৩০ হেজাৰ কোটি ডলাৰৰ অধিক পৰিমাণৰ ধন সম্পত্তি জমা হৈছে।

অৰ্থনৈতিক বিশেষজ্ঞসকলে ইয়াক ধনী দুখীয়াৰ পাৰ্থক্য হিচাপে চাব বিচাৰিছে। কিয়নো কৰ’নাৰ সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ ঘোষণা কৰা তলাবন্ধৰ ফলত দেশত মুঠ ঘৰুৱা উৎপাদন যোৱা ৪০ বছৰৰ ভিতৰত সৰ্বনিম্ন স্থানলৈ অৱনমিত হৈছে ।কৰ্ম সংস্থান হেৰুৱাব লগা হৈছে কোটি কোটি লোকে । সম্প্ৰতি বিশ্বৰ সৰ্বাধিক ধনীলোকৰ তালিকাত ভাৰতীয় মুকেশ আম্বানীৰ স্থান হৈছে ষষ্ঠ। আম্বানী ভাৰতৰ লগতে এছিয়াৰ সৰ্বাধিক ধনী লোক।

আম্বানীৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে ৮,৮২০ কোটি ডলাৰ। ভাৰতৰ দ্বিতীয় ধনী লোক হৈছে চি এল টেকন’লজিৰ প্ৰতিষ্ঠাতা শিৱ নাদাৰৰ মুঠ সম্পত্তিৰ পৰিমাণ ২,০৬০ কোটি ডলাৰ। বিশ্ব তালিকাত নাদাৰৰ স্থান ৬৪ নম্বৰ ।ইয়াৰ পৰৱৰ্তী স্থানত আছে ক্ৰমে আদানি গ্ৰুপৰ গৌতম আদানি,কোটাক মহিন্দ্ৰা গ্ৰুপৰ উদয় কোটাক ,ডিৰ্মাটাৰ ৰাধাকৃষ্ণ দামানি,ছেৰাম ইনষ্টিটিউটৰ চাইপ্ৰাছ পুনাৱালা আদি ।

ফ’ৰ্বছৰ তালিকাত স্বাভাৱিকতে নতুন ভাৰতীয় অৰ্বুদপতিসকলৰ নাম আশেষৰ ফালেই আছে ।নতুন ভাৰতীয় অৰ্বুদপতিসকলৰ তালিকাত সবাতোকৈ তলত নাম আছে ৱেলস্পেন গ্ৰুপৰ বালকৃষ্ণ গোৱেংকাৰ৷তেওঁৰ সম্পত্তিয়ে ১০০ কোটি ডলাৰৰ সীমাক স্পৰ্শ কৰে ৷গোৱেংকাতকৈ ওপৰত নাম আছে ক্ৰমে ৰাধেশ্যাম আগৰৱাল,ৰাধেশ্যাম গোৱেংকা,বিনি বনছল,মুৰলীধৰ বিমল কুমাৰ জ্ঞানচন্দানি আদিৰ। এই কেইজনৰ সম্পত্তিৰ পৰিমাণ ১০১কোটি ডলাৰৰ কিছু অধিক।

উল্লেখযোগ্য যে কৰ’না সংকটৰ সময়তে গুগল,ফেচবুক,ছিলভাৰ লেক আদিৰ দৰে ১২টা বৃহৎ প্ৰতিষ্ঠানে বিশাল ৰাশিৰ ধন বিনিয়োগ কৰিছে মুকেশ আম্বানীৰ “ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেড”ত। দেশৰ আন বহুকেইটা প্ৰতিষ্ঠানতো এই সময়ছোৱাত বিদেশী প্ৰতিষ্ঠান ধন বিনিয়োগ কৰিছে। অনলাইন ব্যৱসায়ৰে জড়িত প্ৰতিষ্ঠানৰো আয় বৃদ্ধি পাইছে এই সময়ছোৱাত ৷সেয়েহে বহু কোম্পানীয়ে নতুনকৈ অনলাইন ব্যৱসায়ত খোজ পেলাইছে।

শ্বেয়াৰ বজাৰেও পুনৰ কৰ’না পূৰ্ব অৱস্থাত উপনীত হ’বলৈ সক্ষম হৈছে। এনে ক্ষেত্ৰত প্ৰশ্নৰ উত্থাপন হৈছে যে কৰ’না সংকটে তেন্তে কাৰ ক্ষতি কৰিলে?অৰ্থনৈতিক বিশেষজ্ঞসকলৰ মতে,তলাবন্ধত অধিক ক্ষতি সন্মুখীন হৈছে নিম্নবিত্ত আৰু মধ্য বিত্তসকল ৷ক্ষুদ্ৰ তাত সূক্ষ্ম উদ্যোগবোৰত তলাবন্ধৰ প্ৰভাৱ পৰিছে অধিক ।ইয়াৰ বিপৰীতে বৃহৎ উদ্যোগবোৰৰ ওপৰত তলাবন্ধৰ বিশেষ প্ৰভাৱ নপৰাটোহে স্পষ্ট হৈছে ।

Exit mobile version