মুছলপুৰত চাঞ্চল্যঃনিজ পিতৃয়ে হত্যা কৰিলে কিশোৰীক

murder

বাকসা জিলাৰ বৰবৰী আৰক্ষী থানাৰ অন্তৰ্গত দুই নং সোনাপুৰত যোৱা চৈধ্য ছেপ্টেম্বৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড৷ ঘৰত কোনো নথকাৰ সুযোগত ৰিংখাং ব্ৰহ্ম নামৰ এগৰাকী পোন্ধৰ বছৰীয়া কিশোৰীক চোকা অস্ত্ৰৰে হত্যা কৰে নিজ পিতৃ শ্যামল ব্ৰহ্মই ৷

ADVERTISEMENT

ইয়াৰ পিছতে ঘটনাস্থলীত বৰবৰী আৰু বাগানপাৰা আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে মুছলপুৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে৷ কিশোৰী গৰাকীৰ মুখ আৰু ডিঙিৰ লগতে শৰীৰৰ কেইবা ঠাইতো চোকা অস্ত্ৰৰ চিন দেখিবলৈ পোৱা গৈছে ৷

উল্লেখ্যে যে কিশোৰী গৰাকী বৰমাৰ এগৰাকী যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল৷ ৰিংখাঙৰ প্ৰেমিকে ঘৰত কোনো নথকাৰ সুযোগত ধৰ্ষণ কৰি হত্যা কৰিছে কৰিছিল বুলি মন্তব্য কৰে কিশোৰীগৰাকীৰ পিতৃয়ে। ইপিনে আৰক্ষীৰ প্ৰাথমিক অনুসন্ধানত কিশোৰীগৰাকীৰ প্ৰেমে কাল হ’ল নেকি বুলি চিন্তা কৰা হৈছিল যদিও আৰক্ষীৰ পৰবৰ্তী অনুসন্ধানত প্ৰকৃত তথ্য ওলাই পৰিছে ৷

আৰক্ষীয়ে প্ৰকাশ কৰা তথ্য মতে কিশোৰীগৰাকীক হত্যা কৰিছিল পিতৃ শ্যামল ব্ৰহ্মই ৷ প্ৰাপ্ত বাতৰি মতে প্ৰথমা পত্নীৰ বিয়োগৰ পাছত শ্যামল ব্ৰহ্মই পুনৰ বিবাহ কৰাবৰ ইচ্ছা কৰিছিল যদিও জীয়েক ৰিংখাং ব্ৰহ্মই পিতৃক সেই কাৰ্যত বাধা দি আহিছিল ৷ গতিকে জীয়েকক আঁতৰ কৰি পুনৰ বিবাহৰ পৰিকল্পনা কৰিছিল পিতৃয়ে৷ কিন্তু জীয়ৰীক হত্যা কৰা শ্যামল ব্ৰহ্মক সম্প্ৰতি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷

Exit mobile version