শুক্ৰগ্ৰহক লৈ জীৱনৰ সন্ধান লাভৰ আশা দেখিছে বিজ্ঞানীসকলে।শেহতীয়াকৈ প্ৰতিবেশী গ্ৰহটোৰ ডাৱৰৰ ৰাসায়নিক বিশ্লেষণ কৰাৰ পাছত এই আশা দেখিছে বিজ্ঞানীমহলে।শুক্ৰগ্ৰহ সম্পৰ্কত আৰু অধিক জানিবলৈ হাৱাই আৰু চিলিত দুটাকৈ শক্তিশালী টেলিস্কোপ ইতিমধ্যে স্থাপন কৰাও হৈছে।এই পদক্ষেপৰ মাধ্যমতে প্ৰতিবেশী গ্ৰহটোৰ ডাৱৰত ঘনকৈ জমা হোৱা ‘ফচফিন’ দৃষ্টিগোচৰ হৈছে ।
যাৰ লগত মিল আছে পৃথিৱীৰ গেছৰ ।উষ্ণ গ্ৰহটোৰ বহু ওপৰৰ স্তৰৰ ডাৱৰ বিশ্লেষণৰ পাছত চালফিউৰিক এচিডৰ উপস্থিতিও ধৰা পৰিছে ।ইয়াকে লৈ বিজ্ঞানী সকলে ধাৰণা কৰিছে গ্ৰহটোত সূক্ষ্মজীৱ থকাৰ ।সৌৰজগতৰ বাহিৰৰ কোনো মহাজাগতিক গৱেষণাৰ বাবে বৰ্তমানলৈ একমাত্ৰ ৰসায়নেই সম্বলৰূপে বিবেচিত হৈ আছে ।
তাৰপৰা লাভ কৰা কোনো কথা অথবা পৰিৱেশৰ ৰাসায়নিক ধৰ্ম বিচাৰৰ দ্বাৰাই সেই সম্পৰ্কে প্ৰাথমিক ধাৰণা লোৱা হয় ।ফচফিন নামৰ শুক্ৰগ্ৰহ ডাৱৰত লাভ কৰা যৌগটো তিনিটা হাইড্ৰ’জেন পৰমাণু তথা এটা ফচফৰাচ বিক্ৰিয়াৰ দ্বাৰা প্ৰস্তুত হৈছে।পৃথিৱীত ফচফিন প্ৰস্তুত হয় সাধাৰণতে কৃত্ৰিমভাৱে।
বহু বিজ্ঞানীৰ মতে ই কোনো কামৰ যৌগ নহয় ,মাত্ৰ পেলনীয়াহে।অৱশ্যে এই বিষয়ত বিজ্ঞানিমহলৰ মাজত মতভেদো আছে।তথাপি ডাৱৰে আৱৰি ৰখা শুক্ৰৰ ফচফিন যৌগই পৃথিৱীবাসীৰ বাবে নতুন আশাৰ সঞ্চাৰ কৰিছে।