GMCH ৰ আই চি ইউত এগৰাকী শিল্পীৰ যন্ত্ৰণা

IMG 20200919 WA0012

অভিনয় আৰু শিল্প সাধনাত ব্ৰতী নলবাৰী জিলাৰ এগৰাকী উদীয়মান সুদক্ষ অভিনেতাৰ কৰুণ জীৱন গাঠাই সকলোকে চিন্তিত কৰি তুলিছে। উল্লেখ্য যে জিলাখনৰ পাজিপৰ গাঁও নিবাসী তথা প্ৰয়াত নৰেশ্বৰ চক্ৰৱৰ্তী আৰু ৰেনুপ্ৰভা দেৱীৰ তৃতীয় পুত্ৰ বিশিষ্ট অভিনেতা ৪৮ বছৰীয়া শংকৰ চক্ৰৱৰ্তী সম্প্ৰতি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালৰ আই চি ইউত মৃত্যৰ সৈতে যুঁজ দি আছে ৷

বিগত কিছুদিনৰ পৰা শিল্পী গৰাকীয়ে কিডনী আৰু নিউমোনিয়া ৰোগত আক্ৰান্ত হৈ চিকিৎসালয়খনত ভৰ্তি হৈছিল।ইয়াৰ মাজতে শুক্ৰবাৰে শিল্পীজনৰ শাৰিৰীক অৱস্থা জটিল হোৱাত ততাতৈয়াকৈ তেওঁক আই চি ইউত ভৰ্তি কৰে।যোৱা বছৰলৈ বৰদৈচিলা থিয়েটাৰত চুক্তিবদ্ধ শিল্পী গৰাকীয়ে অতিমাৰী কৰ’নাৰ পৰিপ্ৰেক্ষিতত চৰম আৰ্থিক সংকটত পৰি ঘৰতে আৱদ্ধ হৈ আছিল যদিও হঠাৎ তেওঁ দুটাকৈ ৰোগত আক্ৰান্ত হ’ব লগীয়া হয়।

সম্প্ৰতি তেওঁ আৰু অভিনেত্ৰী পত্নী বৰ্ণালী মহন্ত চুড়ান্ত ভাৱে আৰ্থিক সংকটত পৰি হাবাথুৰি খাব লগা হৈছে। শিল্পী জনক বৰ্তমান দৈনিক ৪৫০০ টকাৰ ঔষধৰ প্ৰয়োজন যদিও উপাৰ্জনৰ পথ ৰুদ্ধ হৈ পৰাত পৰিয়ালটোৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। শেহতীয়াকৈ শংকৰ চক্ৰৱৰ্তী বৰদৈচিলা থিয়েটাৰত চুক্তিবদ্ধ হৈছিল যদিও কৰ’নাৰী মহামাৰীৰ বাবে নাট প্ৰদৰ্শন বন্ধ হৈ থকাত ৰাজ্যৰ শিল্পী সকলৰ লগতে শংকৰ চক্ৰৱৰ্তীও চৰম আৰ্থিক সংকটত ভুগিব লগা হয়।

পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে চুক্তিবদ্ধ হোৱা বৰদৈচিলা কৰ্তৃপক্ষই যোৱা বছৰৰ পঞ্চাশ শতাংশ মাননি আজিলৈ আদায় দিয়া নাই। উল্লেখনীয় যে বৰদৈচিলা থিয়েটাৰে তিনিবছৰ পূৰ্বে প্ৰদৰ্শন কৰা “মহীয়সী” নামৰ নাট খনত নায়কৰ চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ ৰাইজৰ ভূয়সী প্ৰশংসা বুলিবলৈ সক্ষম হৈছিল শংকৰ ।

ইফালে শিল্পী গৰাকীৰ পত্নী বৰ্ণালী মহন্তও ভ্ৰাম্যমাণ জগতৰ এগৰাকী সুদক্ষ অভিনেত্ৰী। কলিয়াবৰৰ কন্যা বৰ্ণালী আৰু শংকৰৰ একমাত্ৰ চাৰিমহীয়া কন্যা বেলিস্মিতাক লৈ সুখে সন্তোষে চলি আছিল যদিও হঠাৎ শংকৰৰ সংকটজনক শাৰিৰীক অৱস্থাই পৰিয়ালটোলৈ ঘোৰ অমানিশা নমাই আনিছে।

এনে ক্ষেত্ৰত পত্নী আৰু শুভাকাংক্ষীসকলে স্থানীয় বিধায়ক তথা ৰাজ্য চৰকাৰক শীঘ্ৰে শিল্পী জনৰ চিকিৎসাৰ বাবে অৰ্থ সাহায্য প্ৰদান কৰাৰ আহ্বান জনাইছে। তদুপৰি শিল্পী জনৰ চিকিৎসাৰ স্বাৰ্থত কোনো হৃদয়বান লোকে সহায়ৰ হাত আগবঢ়াব খুজিলে তাৰকেশ্বৰ চক্ৰৱৰ্তী,একাউন্ট নং:১১০৮০১১০০৬৩১৯৪(আই এফ এচ চি-ইউ চি বি এ ০০০১১০৮),নলবাৰী শাখাত সহায়ৰ হাত আগবঢ়াবলৈ পত্নীয়ে আহ্বান জনাইছে।

Exit mobile version