Tik Tok আৰু We Chat আমেৰিকাই নিষিদ্ধ কৰাৰ পাছতেই খং উঠিছে চীনৰ

Trump tap can binh1

ভাৰতৰ পাছত এইবাৰ Tik Tok আৰু We chat নিষিদ্ধ হ’ল আমেৰিকাত ৷ইয়াৰ পিছতেই চীনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে আমেৰিকাই চীনক ক্ৰমান্বয়ে ব্যতিব্যস্ত কৰিছে। লগতে চীনে কয় যে আমেৰিকাৰ বিৰুদ্ধে চীনে যিকোনো সিদ্ধান্ত ল’ব পাৰে ।

চীনৰ বাণিজ্য মন্ত্ৰণালয়ৰ পৰা দিয়া এটা নিৰ্দেশনাত কোৱা হৈছে যে চীনে আমেৰিকাক যিকোনো হুংকাৰ দিয়াৰ বিপৰীতে নিৰপেক্ষভাৱে আন্তৰাষ্ট্ৰীয় নীতি নিয়মক বৰ্তাই ৰাখিব লাগে। এই সন্দৰ্ভত আমেৰিকাই কয় যে দেশৰ সুৰক্ষা,অখণ্ডতা আৰু সাৰ্বভৌমত্ব ৰক্ষা কৰিবৰ কাৰণে তেওঁলোক প্ৰতিজ্ঞাবদ্ধ।অৱশ্যে বাণিজ্য মন্ত্ৰণালয়ে অন্য ছ’চিয়েল মিডিয়া এপকোৱে আগতীয়াকৈ সাৱধানবানী দিছিল।

আনহাতে আমেৰিকাই টিকটক ক্ৰয় কৰাৰ সন্দৰ্ভত এপটোক দিছিল ৪৫ দিনৰ সময় ।লগতে টুইটাৰ,মাইক্ৰ’চফ্টক টিকটক ক্ৰয় কৰাৰ সন্দৰ্ভত নিজৰ মন মেলিছিল । সেই সময়তে আমেৰিকাই Tik Tok নিষিদ্ধ কৰাত খৰ্ব হৈছে চীন । আনহাতে ভাৰতত ইতিমধ্যে TiK ToK,We Chat কে ধৰি বহু কেইটা এপ নিষিদ্ধ হৈছে।

Exit mobile version