আর্থিক দৈন্যত ক্ষুদ্র বেপাৰীৰ আত্মহত্যা এই মহানগৰীত

suicide representation

আর্থিক দৈন্যৰ বাবে মহানগৰীত পুনৰ সংঘটিত হ’ল আত্মহত্যাৰ ঘটনা। মহানগৰীৰ পানীখাইটীৰ চপাইদঙৰ পুখুৰীত আত্মহত্যা কৰা লােকজন হৈছে বিস্কুট পােহাৰী খগেন নাথ ।

মহানগৰ আৰক্ষীৰ সূত্রই জনােৱা মতে, চপাইদং নিবাসী খগেন নাথে বেকাৰীৰ পৰা বিস্কুট সংগ্রহ কৰি দোকানে দোকানে বিক্ৰী কৰি পৰিয়াল পােহপাল দিয়ে। কিন্তু দীঘলীয়া তলাবন্ধত উপার্জন শূন্য হৈ পৰাত বিস্কুটৰ ক্ষুদ্ৰ বেপাৰীজনে বিভিন্নজনৰ পৰা ঋণ ল’বলৈ ধৰে ।

এটা সময়ত ঋণৰ পৰিমাণ বাঢ়ি যায় । অথচ তলাবন্ধ শিথিলৰ পাছতাে তেওঁ উপার্জন আশাব্যঞ্জক নােহােৱাত বিভিন্নজনৰ পৰা গ্রহণ কৰা ঋণ পৰিশােধ কৰিব নােৱাৰি হতাশাত ভাগি পৰে । সাঁতুৰিব নজনা লােকজনে শনিবাৰে কাহিলি পুৱাতে চপাইদঙৰ পুখুৰীত নামি আত্মহত্যা কৰে ।

পাছত আৰক্ষীয়ে তেওঁৰ মৃতদেহ উদ্ধাৰ কৰি মৰণােত্তৰ পৰীক্ষাৰ বাবে জি এম চি হাস্পতাললৈ প্ৰেৰণ কৰে। দীঘলীয়া তলাবন্ধই বিপর্যস্ত কৰা নাথে মৃত্যুৰ সময়ত পত্নী আৰু এহাল পুত্র-কন্যাক এৰি থৈ যােৱা বুলি আৰক্ষীয়ে জনায়।

Exit mobile version