উৰাজাহাজৰ পৰা দ্ৰুতগতিত সংক্ৰমিত হ’ব পাৰে কৰ’না সংক্ৰমণ

106403084 1582300317856rts32vdd

বাছ-ৰেল অথবা ৰেস্তোৰাঁ-কাৰ্যালয়ত কৈ উৰাজাহাজৰ যাত্ৰা কৰ’না সংক্ৰমণৰ ক্ষেত্ৰত নিৰাপদ বুলি বিমান উদ্যোগৰ ফালৰ দাবী কৰা সময়তে উৰাজাহাজৰ পৰা দ্ৰুতগতিত কৰ’না সংক্ৰমণ হ’ব পাৰে বুলি এক সমীক্ষাত প্ৰকাশ পাইছে ।

ভিয়েটনামৰ ‘নেছনেল ইনষ্টিটিউট অৱ হাইজিন এপিডেমিউলজি’ এক গৱেষণাত এই তথ্য প্ৰকাশ পাইছে । সাধাৰণতে এখন ৰাষ্ট্ৰৰ পৰা আন এখন ৰাষ্ট্রলৈ বিমান যাত্ৰাত বহু সময়ৰ প্ৰয়োজন হয় । দীৰ্ঘ সময় উৰাজাহাজত যাত্ৰা কৰাৰ সময়ত দ্ৰুতগতিত এজনৰ পৰা আন এজনলৈ কৰ’না ভাইৰাছ সংক্ৰমিত হ’ব পাৰে ।

এই ক্ষেত্ৰত ই এন টি বিশেষজ্ঞৰ এটা দলে প্ৰকাশ কৰে যে ‘নেজল স্প্ৰে’ কৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিব পাৰে । উৰাজাহাজত দীৰ্ঘ সময় যাত্ৰা কৰাৰ সময়ত এই ‘নেজল স্প্ৰে’ ব্যৱহাৰ কৰিব পাৰে ।

এই পানী লগা ,নাক সোপা মাৰি ধৰা আদিত সাধাৰণতে ‘নেজল স্প্ৰে’ ব্যৱহাৰ কৰা হয় । বিশেষজ্ঞৰ মতে নাকত দিয়া এই স্প্ৰেত থকা ‘Povidone-iodine’ এন্টিছেপ্টিকৰ কাম কৰে যিয়ে ভাইৰাছ ধ্বংস কৰিব পাৰে । ‘নেজল স্প্ৰে’ মাত্ৰ ১৫ ছেকেণ্ডৰ ভিতৰতে ভাইৰাছ নিষ্ক্ৰিয় কৰিব পাৰে ।

কিন্তু গৰ্ভৱতী অথবা থাইৰয়ডৰ সমস্যা থকা লোকৰ ক্ষেত্ৰত এই ‘নেজল স্প্ৰে’ নিৰাপদ নহয় । পিছে এই ‘নেজল স্প্ৰে’ কৰ’না ভাইৰাছক ধ্বংস কৰাত কিমান লাভদায়ক হ’ব সেইটোহে নিশ্চিত নহয় ।

Exit mobile version