নেপালৰ সীমান্তত নিজৰ আগ্ৰাসী মনোভাৱ চীনৰ

thumb

ভাৰত চীন সীমান্ত বিবাদৰ মাজতে এইবাৰ নেপালৰ প্ৰশংসাত পঞ্চমুখ হৈছে ৰঙা চীন ৷ নেপালৰ সংবিধান দিৱসৰ দিনাই চীনে দেশখনৰ বিকাশ, উত্তৰণৰ সন্দৰ্ভত প্ৰতিশ্ৰুতিৰে ভৰপূৰ বাৰ্তা প্ৰেৰণ কৰে । কিন্তু আজি প্ৰকাশিত এক ৰিপৰ্ট অনুসৰি ইতিমধ্যে চীনে নেপাল সীমান্তৰ বহু ভূমি অধিকাৰ কৰি বহু নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিছে ৷

নেপালৰ বাতৰিৰ এটা ৱেবছাইট কান্তিপুৰৰ মতে চীনৰ ৰাষ্ট্ৰপতি জিংপিঙে কয় যে নেপাল চীনৰ সম্বন্ধ বিকাশ আৰু শক্তিশালী কৰাত তেওঁলোকে সকলো সময়তে অগ্ৰাধিকাৰ দিব ৷ ইয়াৰ দ্বাৰা বিভিন্ন ক্ষেত্ৰৰ উন্নয়ন হোৱাৰ লগতে দুয়োখন দেশৰ মাজত সম্বন্ধ শক্তিশালী হ’ব ।

আজি নেপালৰ সংবিধান দিৱসত নেপালৰ নেত্ৰী বিদ্যাদেৱী ভণ্ডাৰীক শুভেচ্ছা জ্ঞাপন কৰি দুয়ো দেশৰ মাজত সম্পৰ্ক শক্তিশালী কৰাৰ পোষকতা কৰে । লগতে কয় যে চীন আৰু নেপাল পৰম্পৰাগতভাৱে মিত্ৰতাৰে থাকিব বিচাৰে । মহামাৰীৰ সময়ত নেপালৰ লগত সহযোগিতা আগবঢ়াইছে চীনে ৷

আনহাতে নেপালৰ প্ৰতি চীনৰ এই সৌহাৰ্দ্যপূৰ্ণ কথা বতৰা পিছতেই পোহৰলৈ আহিছে যে চীনে নেপালৰ হুম্লা জিলাৰ ভূমিত ৯ টা গৃহ নিৰ্মাণ কৰিছে । লগতে চীনে সেই ঠাইলৈ নেপালী নাগৰিকক যোৱাত বাধা প্ৰদান কৰিছে ।

কিন্তু প্ৰশ্ন হয় নেপালৰ ভূমি দখল কৰাৰ পিছতো চীনৰ দেশখনৰ প্ৰতি ইমান দৰদ কিয় ? নে দেশ খনৰ প্ৰতি আন কিবা অভিসন্ধি লুকাই আছে ৷ সেয়া প্ৰতিপন্ন হ’ব অনাগত দিনত।

Exit mobile version