বলীউডৰ পৰিচালক অনুৰাগ কাশ্যপৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ আনিলে অভিনেত্ৰী পায়েল ঘোষে

freepressjournal 2020 09 5e136529 a4cf 4562 abdd 197370275169 BeFunky collage 11

বলীউডৰ চলচ্চিত্ৰ নিৰ্মাতা অনুৰাগ কাশ্যপৰ বিৰুদ্ধে হিন্দী, দক্ষিণৰ লগতে পঞ্জাৱী ছবিৰ অভিনেত্ৰী পায়েল ঘোষে কৰিছে এক গুৰুতৰ অভিযোগ ।অভিনেত্ৰী পায়েল ঘোষে অনুৰাগ কাশ্যপৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছে  ৷

পায়েলে তেওঁৰ টুইটাৰত এটা পোষ্টত লিখিছে, “অনুৰাগে মোৰ সৈতে জোৰ জবৰদস্তি কৰাৰ লগতি বহুত বেয়া আচৰণ কৰে ।” ইয়াৰ পাছত পায়েলে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক উদ্দেশ্য কৰি লিখিছে, “অনুগ্ৰহ কৰি অনুৰাগৰ বিৰুদ্ধে ব্যৱস্থা লওক আৰু দেশক এই ব্যক্তিৰ প্ৰকৃত স্বৰূপ দেখাই দিয়ক। মই জানো যে এইটোৱে মোৰ ক্ষতি কৰিব পাৰে আৰু মোৰ সুৰক্ষা বিপদত। অনুগ্ৰহ কৰি মোক সহায় কৰক ।”

ইফালে বলীউডৰ যিকোনো বিষয়ত সক্ৰিয়তা প্ৰদৰ্শন কৰা অভিনেত্ৰী কংগনা ৰণৌটেও পায়েলৰ প’ষ্টত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগনাই পায়েলক সমৰ্থনত কৰি লিখিছে, “প্ৰত্যেক প্ৰতিবাদৰে গুৰুত্ব আছে । অনুৰাগ কাশ্যপক গ্ৰেপ্তাৰ কৰক ।”

আনহাতে, ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষ ৰেখা শৰ্মায়ো পায়েলৰ সমৰ্থনত আগবাঢ়ি আহিছে । উল্লেখযোগ্য যে বলীউডত এনেধৰণৰ অভিযোগ নতুন নহয়৷ পূৰ্বতে “#মী টু” দৰে অভিযোগত বহু হাইপ্ৰফাইল লোক অভিযুক্ত হৈছিল । অৱশ্যে পায়েল ঘোষৰ এই অভিযোগৰ পাছত অনুৰাগ কাশ্যপে কি প্ৰতিক্ৰিয়া দিয়ে সেয়া হ’ব লক্ষ্যণীয় ।

Exit mobile version