বিৰোধীৰ উত্তপ্ত পৰিবেশৰ মাজত সংসদত গৃহীত হ’ল কৃষি বিধেয়ক

Parliament 8

ৰাজ্যসভাত কৃষি বিধেয়কক লৈ বিৰোধীৰ বিৰোধিতাৰ মাজতে আজি কৃষিখণ্ডৰ লগত জড়িত দুখন বিধেয়ক সংসদত গৃহীত হয় । এই সময়ত বিৰোধীয়ে বিভিন্ন শ্ল’গানত উত্তপ্ত হৈ পৰে সংসদ । যাৰ কাৰণে ১০ মিনিটৰ কাৰণে ৰাজ্যসভাৰ কাম-কাজ স্থগিত ৰখা হয় ।

আনহাতে কৃষি বিধেয়কৰ সন্দৰ্ভত বিৰোধীৰ মত অনুসৰি বিধেয়কখন চৰ্চাৰ কাৰণে নিৰ্বাচন কমিটীৰ ওচৰলৈ প্ৰেৰণ কৰিব লাগে ৷ ইয়াৰ বিপৰীতে চৰকাৰৰ দাবী যে কৃষি বিধেয়ক ঐতিহাসিক ৷ এই বিধেয়কে কৃষকসকলৰ জীৱন পৰিৱৰ্তন কৰিব ।

ইপিনে কৃষি বিধেয়কক বিগত সপ্তাহত লোকসভাত গৃহীত কৰা হয় । কেন্দ্ৰীয় কৃষি মন্ত্ৰী তথা কৃষক কল্যাণ মন্ত্ৰীয়ে আজি কৃষি বিধেয়কক ৰাজ্যসভাত উত্থাপন কৰে ৷ কৃষি বিধেয়কক লৈ বিজেপিৰ সহযোগী দল শিৰোমণি আকালী দলে পোনে পোনে চৰকাৰক সকীয়াই দিয়ে ৷

দলে সাংসদ নৰেশ গুজৰালে বিধেয়কখনৰ সন্দৰ্ভত কয় যে বিধেয়কখনক প্ৰথমে নিৰ্বাচনী কমিটিলৈ প্ৰেৰণ কৰা যাওক । যাতে কৃষি বিধেয়কক হিতাধিকাৰীৰ তালিকা প্ৰস্তুত হয় । গুজৰালে চৰকাৰক হুংকাৰ দিয়ে যে চৰকাৰক দুৰ্বল বুলি ভাবিব নালাগে ।

আনহাতে তৃণমূল কংগ্ৰেছৰ সাংসদ ডেৰেক অ’ ব্ৰায়নৰ মতে চৰকাৰে সংসদীয় গণতন্ত্ৰৰ হত্যা কৰিছে ৷ ৰূপা গাংগুলীৰ মতে কৃষি বিধেয়ক দুখনত কৃষকৰ বিৰুদ্ধে এটা শব্দও নাই । আপোনালোক সকলোৱে এই বিধেয়কখন পঢ়ক । তেতিয়া জানিবলৈ পাব যে এই বিধেয়ক দুখনক কৃষকৰ বিৰোধ একোৱেই নাই ।

ইপিনে কেৱল সংসদতে যে কৃষি বিধেয়কৰ বিৰোধিতা হৈছে এনে নহয় ৷ দেশৰ বিভিন্ন প্ৰান্তত এই বিধেয়কৰ বিৰোধিতা হৈছে ৷ হাৰিয়ানাতো কৃষি বিধেয়কৰ বিৰোধিতাৰে ৰাজপথ কপাঁই তোলে লোকসকলে ৷ প্ৰতিবাদকাৰী সকলে নিজৰ নিজৰ ট্ৰেক্টৰ লৈ পথ বন্ধ কৰি দিয়ে ৷ যাৰ কাৰণে কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে । কাষৰীয়া ৰাজ্যসমূহত হোৱা প্ৰতিবাদৰ ভিত্তিত দিল্লী আৰক্ষীও সষ্টম হৈ আছে ৷

কৃষকসকলে বিৰোধিতা কৰা তিনিওখন বিল হ’ল- The Farmers’ Produce Trade and Commerce (Promotion and Facilitation) Bill, 2020 The Farmers (Empowerment and Protection) Agreement on Price Assurance and Farm Services Bill, 2020,Essential Commodities (Amendment) Bill. কৃষকসকলে ফচলৰ নূন্যতম মূল্য নোপোৱা আৰু ক্ষতিগ্ৰস্ত হোৱাৰ আশংকাত এই বিলৰ বিৰোধিতা কৰিছে ।

তেওঁলোকৰ ধাৰণা-বজাৰৰ পৰা উঠি যাব চৰকাৰী নিয়ন্ত্ৰণ । আনহাতে চৰকাৰৰ মত যে, ‘প্ৰস্তাৱিত বিলকেইখন ক্ষুদ্ৰ আৰু প্ৰান্তিক কৃষকসকলৰ সহায়ৰ বাবেহে । কৃষকসকলে তেওঁলোকৰ উৎপাদিত শস্য বা সামগ্ৰী অন্য কোনো দেশলৈ প্ৰতিযোগিতামূলক দামত বিক্ৰী কৰিব পাৰিব।’

Exit mobile version