বোকাজানৰ অসম নগালেণ্ড সীমান্তত লক্ষাধিক টকাৰ অবৈধ বিলাতী সুৰা জব্দ

WhatsApp Image 2020 09 20 at 5.31.23 PM

বোকাজানৰ খটখটী আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি অভিযান চলাই অসম নগালেণ্ড সীমান্তৰ লাহৰীজানত লক্ষাধিক টকাৰ অবৈধ বিলাতী সুৰা জব্দ কৰে ৷ অৰুণাচলী সুৰাৰ অন্যতম কৰিডৰ খটখটীৰ সীমান্তত আৰক্ষীৰ কঠোৰ পদক্ষেপৰ বাবে অৰুণাচলী সুৰাৰ ব্যৱসায় বন্ধ হৈ পৰাৰ ফলত একাংশ সুৰা ব্যৱসায়ীয়ে ডিমাপুৰত বাহৰ পাতি অসমৰ সীমান্তৰ বাৰ সমূহৰ পৰা আবকাৰী বিভাগৰ নীতি নিয়মক বৃদ্ধাংগগুষ্ঠ প্ৰদৰ্শন কৰি সৰু গাড়ীৰে ড্ৰাই ষ্টেট নগালেণ্ডলৈ বিলাতী সুৰাৰ অবৈধ ৰমৰমীয়া ব্যৱসায় চলাই অহাৰ তথ্য পোহৰলৈ আহিছে ৷

আজি লাহৰীজানৰ ব্লু ডাইমণ্ড বাৰ এণ্ড ৰেষ্টুৰেণ্ট নামৰ এখন বাৰৰ পৰা ৪০ কাৰ্টুন বিলাতী সুৰা NL07C9223 নম্বৰৰ এখন জিপচী গাড়ীৰে ডিমাপুৰলৈ নি থকা অৱস্থাত খটখটী আৰক্ষীৰ জালত পৰে যদিও গাড়ী এৰি চালকজন পলায়ন কৰে ৷ আৰক্ষীয়ে গাড়ীসহ সুৰাখিনি জব্দ কৰি থানালৈ লৈ আনে ৷

বিশেষ সূত্ৰে জানিব পৰা মতে গুৱাহাটীৰ এজন সুৰা ব্যৱসায়ীয়ে ডিমাপুৰত বাহৰ পাতি বিলাতী সুৰাৰ এনে অবৈধ ব্যৱসায় অব্যাহত ৰখাৰ চেষ্টা কৰিছে ৷ আৰক্ষীয়ে এই সুৰা ব্যৱসায়ৰ বিৰুদ্ধে অনুসন্ধান ক্ষীপ্ৰতৰ কৰি তোলা পৰিলক্ষিত হৈছে ৷

Exit mobile version