বৰপেটাত মতা বুলি মাইকী ছাগলীৰ মাংস বিক্ৰেতাক অভিনৱ শাস্তি প্ৰদান

Barpeta photo

বৰপেটা চহৰৰ ইচ্ছাপুৰ হাটীত এগৰাকী অসাধু মাংস বিক্ৰেতাই মতা বুলি মাইকী ছাগলীৰ মাংস বিক্ৰীৰে দীৰ্ঘদিন ধৰি গ্ৰাহকক ঠগি অহাৰ ঘটনা পোহৰলৈ অহাত আজি ক্ষুব্ধ ৰাইজে অভিনৱ পদ্ধতিৰে শাস্তি প্ৰদান কৰে ৷ ইচ্ছাপুৰ হাটীৰ তিনি আলি চ’কত এখন সৰু দোকান দি জুলুমুদ্দিন নামৰ মাংস বিক্ৰেতা এজনে দীৰ্ঘদিন ধৰি ছাগলীৰ মাংস বিক্ৰী কৰি আহিছিল ৷

দুই পুত্ৰ জেহেৰুল ইছলাম আৰু ৰকিবুল আলীক সহযোগী হিচাপে লৈ ছাগলীৰ মাংস বিক্ৰী কৰি অহা জুলুমুদ্দিন ঘৰ বৰপেটা জিলাৰ বাঘবৰ থানাৰ অন্তৰ্গত ছেলিমপুৰত ৷ প্ৰথমাৱস্থাত সতেজ আৰু উন্নত মানৰ মাংস বিক্ৰীৰে গ্ৰাহকক আকৰ্ষণ কৰিবলৈ সক্ষম হয় জুলুমুদ্দিন ৷ কিন্তু পিছলৈ জুলুমুদ্দিনে বিক্ৰী কৰা মাংসৰ মান ক্ৰমাৎ নিম্নগামী হ’বলৈ ধৰে ৷

যোৱা কিছুদিন ধৰি জুলুমুদ্দিনে বিক্ৰী কৰি অহা মাংসৰ ওপৰত সন্দেহ উপজে একাংশ গ্ৰাহকৰ ৷ গ্ৰাহকৰ চকুত ধূলি দি মাংসৰ ব্যৱসায়ৰ নামত দুষ্কাৰ্য সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হয় জুলুমুদ্দিনৰ বিৰুদ্ধে ৷ একাংশ গ্ৰাহকৰ অভিযোগ অনুসৰি মতা বুলি মাইকী ছাগলীৰ মাংস বিক্ৰী কৰে জুলুমুদ্দিনে ৷ মতা ছাগলীৰ অংগ বিশেষ মাইকী ছাগলীৰ দেহত সংৰোপন কৰি বিক্ৰীৰ বাবে দোকানত ওলোমাই থয় ৷ এনেদৰে একো একোটা মাইকী ছাগলী মতা বুলি প্ৰদৰ্শন কৰি গ্ৰাহকক আঁভুৱা ভাৰি আহিছিল জুলুমুদ্দিনে ৷

অৱশেষত গ্ৰাহকৰ অভিযোগৰ ভিত্তিত আজি স্থানীয় লোকে জুলুমুদ্দিনৰ ছাগলীৰ মাংসৰ দোকান উৎখাত কৰে ৷ জুলুমুদ্দিনসহ দুই পুত্ৰ ক্ৰমে জেহেৰুল আৰু ৰকিবুলক শাস্তিও বিহে স্থানীয় ৰাইজে ৷ বিক্ৰী কৰিবলৈ অনা কটা ছাগলী তিনিও অসাধু ব্যৱসায়ীৰ ডিঙিত ওলোমাই দি অভিনৱ উপায়ে শাস্তি প্ৰদান কৰে ৰাইজে ৷ পিছত দুই পুত্ৰসহ পিতৃ জুলুমুদ্দিনক আৰক্ষীৰ হাতত গতাই দিয়ে ৷

Exit mobile version