মন্ত্ৰীৰ আশিস লৈয়ে আই পি এলৰ জুৱা

Screenshot 119

সংযুক্ত আৰব আমীৰ শ্বাহীৰ ৰাজধানী আবু ধাবিত শনিবাৰৰ পৰা আৰম্ভ হােৱা ইণ্ডিয়ান প্রিমিয়াৰ লীগ (আই পি এল)ক কেন্দ্র কৰি ৰাজ্যত পুনৰ অনলাইন জুৱা চক্র সক্রিয় হৈছে । এই চক্ৰৰ কর্ণধাৰ বিকাশ বেৰিয়া বাহিনীয়ে কোটি কোটি টকা সংগ্রহৰ ভয়ংকৰ জাল পেলাইছে ।

ADVERTISEMENT

এজন কেন্দ্রীয় মন্ত্ৰীৰ অতি ঘনিষ্ঠ তথা তিনিচুকীয়াৰ বহুচর্চিত বিকাশ বেৰিয়া আৰু নিতিন বেৰিয়া ভ্রাতৃদ্বয়ে উত্তৰ-পূর্বাঞ্চলত এই বৃহৎ অনলাইন জুৱাৰ চক্ৰ অধিক সক্রিয় কৰি তুলিছে।

প্রাপ্ত তথ্য অনুসৰি শনিবাৰৰ পৰা বহিঃৰাষ্ট্ৰত আৰম্ভ হােৱা আই পি এল টুর্ণমেণ্টৰ প্ৰথমখন খেলতেই নিশা পর্যন্ত কে’বাকোটি টকাৰ লেনদেন হয় আৰু ইয়াৰে ৫০ লাখৰাে অধিক টকা কমিছনৰ ৰূপত আদায় কৰিছে বেৰিয়া ভ্রাতৃদ্বয় নেতৃত্বাধীন কুখ্যাত চক্ৰটোৱে।

কিদৰে জুৱাৰীয়ে অংশ লয় জুৱাত

আই পি এলক কেন্দ্ৰ কৰি গঢ়ি উঠা এই জুৱাত বিশেষ ম’বাইল এপৰ জৰিয়তে অংশ ল’ব পাৰে আগ্রহীসকলে । এই এপত অন্তৰ্ভুক্ত হ’বলৈ সংশ্লিষ্টসকলে বিকাশ বেৰিয়া এণ্ড কোম্পানীক আগধন জমা দি এক বিশেষ ম’বাইল কোড সংগ্রহ কৰে । ৫০ হেজাৰ পৰা কোটি টকা পর্যন্ত আগধন জমা দি সংশ্লিষ্টসকলে জুৱাত অংশ ল’ব পাৰে ।

এই আগধনৰ এটা অংশ কমিছন হিচাপে বিকাশ বেৰিয়া এণ্ড কোম্পানীৰ হাতলৈ যােৱাৰ সমান্তৰালভাৱে অন্য অংশ ধন সংশ্লিষ্ট ম’বাইল এপত জমা হয়। এই এপৰ সংশ্লিষ্ট কোড ব্যৱহাৰ কৰি ধন জমাকাৰীয়ে নিজৰ ইচ্ছাৰে পচন্দৰ দল নাইবা খেলুৱৈৰ বিপৰীতে টকা বাজী লগায় । বিজেতাৰ ধন পােনে পােনে সংশ্লিষ্ট কোডত জমা হয় আৰু বেংক একাউন্টলৈ প্ৰেৰণ কৰিব পাৰে ।

উল্লেখ্য যে এক সূত্রই উত্থাপন কৰা অভিযােগ অনুসৰি বেৰিয়াই ৰাজ্যৰ প্ৰতিখন জিলাত ১০ৰ পৰা ১৫ জনকৈ বুকী ইতিমধ্যে নিয়ােগ কৰিছে আৰু এইসকলেই আগধন সংগ্রহ কৰাত ব্যস্ত হৈ পৰিছে। বেৰিয়া এণ্ড কোম্পানীয়ে ইতিমধ্যে উত্তৰ-পূৱত অধিক বুকী নিয়ােগ কৰা উপৰিও মহানগৰীৰ সমান্তৰালভাৱে তিনিচুকীয়াত ভােলা আৰু সন্তোষ, দুলীয়াজানত নাগেশ্বৰ, ডিব্ৰুগড়ত জাভেড, পিংকু আদি বহুকেইজনক আগধন সংগ্ৰহৰ দায়িত্ব অর্পণ কৰিছে ।

তিনিচুকীয়াৰ এটা ফ্লেটৰ কোঠাৰ পৰা উত্তৰ-পূৱত নিয়ন্ত্রণ হৈছে এই জুৱা

বিজেপি চৰকাৰৰ নেতা-মন্ত্ৰীৰ আশিসপুষ্ট তথা সকলােকে সন্তুষ্ট কৰি ৰখা বিকাশ বেৰিয়াই এই বৃহৎ জুৱা চক্র তিনিচুকীয়াৰ এটা ফ্লেটৰ কোঠাৰ পৰা নিয়ন্ত্রণ কৰা ঘটনাই আৰক্ষী-প্রশাসনৰ ভূমিকাত সন্দেহৰ আঙুলি টোঁৱাইছে ।

ৰাজনৈতিক নেতাৰ আর্শীবাদত বিলাসী বাহনত ০০০১ নম্বৰ লগাই ভি ভি আই পি ৰূপে নিজকে জাহিৰ কৰা বেৰিয়াই তিনিচুকীয়াৰ মানৱ কল্যাণ ভৱন পথৰ এটা ফ্লেটৰ চাৰি নম্বৰ মহলাৰ বিশেষ কোঠাৰ পৰা এই জুৱা নিয়ন্ত্রণ কৰি অহাৰ অভিযােগ আছে ।

সমান্তৰালভাৱে তিনিচুকীয়াৰ চুইট ইণ্ডিয়া পথৰ এটা অস্থায়ী কার্যালয়ত বুকীয়ে সংগ্রহ কৰা ধনৰ হিচাপ-নিকাচ হয় । অৱশ্যে চক্ৰটোৱে দৈনিক কার্যালয় সলনি কৰি থাকে বুলিও সূত্ৰটোৱে সদৰী কৰিছে।

কেন্দ্রীয় মন্ত্রীৰ অতি ঘনিষ্ঠ বেৰিয়া কোম্পানীয়ে কিদৰে এই জুৱা নিয়ন্ত্রণ কৰিছে?

দুর্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীলতাৰ কথা কোৱা চৰকাৰৰ দিনতে মন্ত্রীৰে অতি ঘনিষ্ঠ বিকাশ বেৰিয়া এণ্ড কোম্পানীয়ে কিদৰে এই জুৱা নিয়ন্ত্রণ কৰিবলৈ সাহস কৰিছে সকলােৰে মাজত প্ৰশ্নৰ উদ্রেক ঘটাইছে। সেয়েহে বিগত সময়ত বৰ্তমানৰ কেন্দ্রীয় মন্ত্ৰীৰ বাহনত ভ্ৰমি ফুৰা বেৰিয়াই আৰম্ভ কৰা এই বৃহৎ জুৱা ক্ষেত্ৰত আৰক্ষীয়ে কেনে ভূমিকা গ্রহণ কৰে সময়তহে প্রতিস্ফুট হ’ব ।

Exit mobile version