শীঘ্ৰে বিটিচি নিৰ্বাচন অনুষ্ঠিত কৰাৰ পক্ষত এবছু

IMG 20200920 WA0043

ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰ’নাৰ গণ সংক্ৰমনৰ প্ৰতি লক্ষ্য ৰাখি বিটিচিৰ নিৰ্বাচন বাতিল কৰিব লাগে বুলি ৰাজ্যিক নিৰ্বাচন আয়োগলৈ পত্ৰ প্ৰেৰণ কৰা পিছতেই বিটিচিৰ ৰাজনৈতিক দল-সংগঠনৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ বিটিচি নিৰ্বাচন প্ৰসংগত নিখিল বড়ো ছাত্ৰ সন্থাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷

ADVERTISEMENT

আজি ঢেকিয়াজুলিত উপস্থিত হোৱা এবছুৰ সভাপতি দ্বীপেন বড়োৱে এই প্ৰসংগত কয় যে, বিটিচিৰ নিৰ্বাচন যিমান সোনকালে পাৰে অনুষ্ঠিত কৰিব লাগে ৷ নিৰ্বাচনী বিধি দীৰ্ঘদিন ধৰি বলবৎ হৈ থকাত বিটিচিৰ ৰাজনৈতিক দল সমূহৰ যুক্তি তৰ্ক অন্য ফালে ঢাল খাইছে আৰু উন্নয়ণ স্থবিৰ হৈছে ৷

স্বাস্থ্যমন্ত্ৰীয়ে বিটিচিৰ নিৰ্বাচন ক’ভিড গণ সংক্ৰমণৰ বাবে এতিয়া অনুষ্ঠিত কৰি পৰা নাযায় বুলি কৈছে ৷ গতিকে আমাৰ কথা পৰিস্থিতি সাপেক্ষে শীঘ্ৰে বিটিচিৰ নিৰ্বাচন অনুষ্ঠিত কৰিব লাগে ৷

বিটিচিৰ সুস্থিৰ বাতাবৰণ আৰু উন্নয়ণৰ বাবে নিৰ্বাচন অনুষ্ঠিত কৰাটো আমি এবছুৱে বিচাৰো ৷ বিটিচিৰ নিৰ্বাচনত নিৰ্দিষ্ট কোনো নীতি-নিয়ম নিদিয়াৰ বাবে ৰাজনৈতিক দলসমূহে নিৰ্বাচনী সভা আয়োজন কৰিছে ৷ গতিকে চৰকাৰ বা আয়োগে ৰাজনৈতিক দল সমূহক ক’ভিড সন্দৰ্ভত নিৰ্দেশনা দি শীঘ্ৰে নিৰ্বাচন অনুষ্ঠিত কৰাৰ পক্ষত থিয় দিছে এবছু ৷

Exit mobile version