স্কুলৰ পাঠদানক লৈ শংকা

52795 qhzuxfnrko 1488565970

কৰ’না ভয়াৱহতাৰ মাজতে অহা ২১ছেপ্টেম্বৰৰ পৰা ৰাজ্যৰ শিক্ষানুষ্ঠানত নৱমৰ পৰা দ্বাদশ শ্ৰেণীলৈ অনানুষ্ঠানিকভাৱে আৰম্ভ হ’ব পাঠদান প্ৰক্ৰিয়া ৷ অৱশ্যে এই পৰ্যন্ত নিৰ্বীজাণুকৰণ প্ৰক্ৰিয়া সম্পন্ন হোৱা নাই ৰাজ্যৰ ভালেসংখ্যক শিক্ষানুষ্ঠানত । ইয়াকে লৈ শংকিত হৈ পৰিছে শিক্ষাৰ্থী তথা অভিভাৱকসকল ৷

নিৰ্বীজাণুকৰণৰ নামত অব্যাহত থকা ভেঁকোভাওনাৰ বাবেই ভালেসংখ্যক অভিভাৱকে শিক্ষাৰ্থীসকলক পাঠগ্ৰহণৰ বাবে শিক্ষানুষ্ঠানলৈ যোৱাৰ ক্ষেত্ৰত লিখিত অনুমতি দিবলৈ গৈ থমকি ৰ’বলগীয়া পৰিবেশৰ সৃষ্টি হৈছে । ইয়াৰ পৰিপ্ৰেক্ষিততে শিক্ষানুষ্ঠানসমূহত ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি বাধ্যতামূলক নহয় বুলি সুকীয়াকৈ নিৰ্দেশনা জাৰি কৰিছে স্বাস্থ্য বিভাগে ৷

বিভাগৰ সূত্ৰই এই কথা সদৰী কৰি জনোৱা মতে “অতিমাৰী কৰ’নাৰ ভয়াৱহতাৰ বাবে যোৱা ১৬ মাৰ্চৰ পৰা বন্ধ হৈ আছে ৰাজ্যৰ সকলো শিক্ষানুষ্ঠান । পৰৱৰ্তী সময়ত অনলাইন পদ্ধতিৰে পাঠদান প্ৰক্ৰিয়া আৰম্ভ কৰাৰ বাবে ৰাজ্য চৰকাৰে নিৰ্দেশনা জাৰি কৰে ৷

ইয়াৰ ভিত্তিতে মাৰ্চৰ শেষ সপ্তাহৰ পৰা ৰাজ্যত অনলাইন পদ্ধতিৰে পাঠদান প্ৰক্ৰিয়া কাগজে কালমে আৰম্ভ হয় যদিও গৰিষ্ঠ সংখ্যক শিক্ষাৰ্থীয়ে ইন্টাৰনেটকে ধৰি অন্যান্য কাৰিকৰী অসুবিধাৰ বাবে পাঠগ্ৰহণৰ পৰা বঞ্চিত হয় ।

এনেবোৰ দিশ চালি জাৰি চায়েই কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ে শেহতীয়াকৈ প্ৰদান কৰা সেউজ সংকেতৰ আধাৰতে অহা ২১ ছেপ্টেম্বৰৰ পৰা ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত অনানুষ্ঠানিকভাৱে পাঠান প্ৰক্ৰিয়া আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৰাজ্য চৰকাৰে ৷

ইয়াৰ বাবে ৰাজ্য চৰকাৰে শিক্ষক শিক্ষাৰ্থী, অভিভাৱক তথা বিদ্যালয় পৰিচালনা সমিতিসমূহে এই সময়ছোৱাত মানি চলিবলগীয়া ৫১টা নীতি নিৰ্দেশনাৰে যোৱা ১৬ ছেপ্টেম্বৰত এ এছ ই ০১/২০২০/পাৰ্ট-11/১৮ ক নম্বৰযোগে ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ জাৰি কৰে ।

কিন্তু সুদীৰ্ঘ সাতমাহ ধৰি বন্ধ হৈ থকা শিক্ষানুষ্ঠানসমূহৰ নিৰ্বীজাণুকৰণক লৈ অব্যাহত থকা ভেঁকোভাওনাৰ বাবে ভালেসংখ্যক অভিভাৱকে নিজৰ সন্তানক এছ অ’ পি অনুসৰি লিখিত অনুমতি দিবলৈ থমকি ৰ’বলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে । বিশেষকৈ নগৰাঞ্চলৰ শিক্ষানুষ্ঠানত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীৰ অভিভাৱকসকল বাৰুকৈয়ে শংকিত হৈ পৰা বুলি জনায় সূত্ৰটোৱে।

Exit mobile version