পৰ্যটকৰ বাবে পুনৰ মুকলি কৰি দিয়া হৈছে বিশ্বখ্যাত স্মৃতিসৌধ তাজমহল

Taj Mahal Agra India

তলাবন্ধৰ দীর্ঘ স্থবিৰতা আঁতৰাই প্ৰায় ৬ মাহতকৈ অধিক সময়ৰ অন্তত পৰ্যটকৰ বাবে আগ্ৰাস্থিত তাজমহল কৰ’না ভাইৰাছৰ সাৱধানতাৰ সকলো নীতি-নিৰ্দেশনা মানি চলি পুনৰ মুকলি কৰি দিয়া হৈছে । আগ্ৰাস্থিত লালকিল্লাও পুনৰ পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হৈছে ।

উল্লেখ্য যে, ১৭ মাৰ্চৰ পৰা কৰ’না মহামাৰীৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত বন্ধ ৰখা সকলো ধৰ্মীয় স্থান বন্ধ ৰখা হৈছিল । কেন্দ্ৰই জাৰি কৰা মহামাৰীৰ সকলো নীতি নিয়ম মানি চলি পৰ্যটকে সামাজিক দূৰত্ব মানি চলি আৰু হেণ্ড চেনিটাইজাৰ ব্যৱহাৰ কৰি পৰিদৰ্শন কৰিব পাৰিব তাজমহল আৰু লালকিল্লাত ।

প্ৰত্যেক দিনা তাজমহলত ৫ হেজাৰ পৰ্যটক প্ৰৱেশৰ অনুমতি দিয়া হৈছে । দিনৰ ২ বজাৰ আগেয়ে ২৫০০ জন পৰ্যটক প্ৰৱেশৰ অনুমতি আৰু বাকী পৰ্যটক তাৰ পিছত । আনহাতে, লালকিল্লাত প্ৰত্যেক দিনাই ২৫০০ পৰ্যটকৰ বাবে অনুমতি দিয়া হৈছে । সংবাদ মাধ্যমত এই সন্দৰ্ভত বসন্ত কুমাৰ স্বর্ণকাৰে এনেদৰে কয় ।

লগতে কয় যে, পৰ্যটক সকলে প্ৰৱেশৰ সময়ত মাস্ক পিন্ধাটো বাধ্যতামূলক আৰু পৰ্যটকসকলে অনলাইন যোগে টিকট সংগ্ৰহ কৰিব লাগিব । টিকটৰ বাবে টিকট কাউণ্টাৰৰ ব্যৱস্থা নাথাকে। আনহাতে, পর্যটন বিভাগে প্রকাশ কৰা মতে, বিগত ছমাহত তাজমহল বন্ধ হৈ থকাৰ ফলত আগ্ৰাৰ পৰ্যটন উদ্যোগত ২,২০০ কোটি টকাৰ ক্ষতি হয় ।

Exit mobile version