বঙাইগাঁও-চিৰাঙত আক্ৰাছুৰ তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ

9227cf4d 1a02 4502 9fea dce78b842a52

আজি আক্ৰাছুৰ কেন্দ্ৰীয় সমিতিৰ(কৰ্মেশ্বৰ গোট)ৰ নিৰ্দেশ অনুসৰি অসমৰ প্ৰতিখন জিলাতে আক্ৰাছুয়ে জনজাতি কৰণ, পৃথক কমতাপুৰ ৰাজ‍্যৰ পুণৰগঠন,কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ বৃদ্ধি আদি চাৰিদফীয়া দাবীৰ সমৰ্থনত প্ৰতিখন জিলা সদৰত তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ।

বঙাইগাঁও জিলাৰ সদৰ গান্ধী ময়দানত বঙাইগাঁও জিলা আক্ৰাছুয়ে এই তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য‍সূচী ৰূপায়ণ কৰে । আক্ৰাছুৰ কেন্দ্ৰীয় সভাপতি কৰ্মেশ্বৰ ৰায়ে প্ৰতিবাদী কাৰ্য‍সূচিত অংশগ্ৰহণ কৰি কয় যে আগন্তুক বিধান সভা নিৰ্বাচনৰ পূৰ্বেই জনজাতিকৰণ নকৰিলে অধিক তীব্ৰতৰ আন্দোলন হৈ উঠিব ।

আক্ৰাছুয়ে কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ গঠন হোৱাত সুখী নহয়৷ অবিভক্ত  গোৱালপাৰা জিলাক লৈ গঠিত কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ পৰা ৰাভা হাছং আৰু বিটিচিৰ বৃহৎ অঞ্চল বাদ পৰিছে । গতিকে কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ পৰিসৰ লৈ মুঠেই সুখী হোৱা নাই আক্ৰাছুৰ কৰ্মেশ্বৰ গোট ।একদৰে চিৰাং জিলা সদৰ কাজলগাঁৱতো জিলা সভাপতি প্ৰাঞ্জল চৌধুৰীৰ উপস্থিতিত আক্ৰাছুয়ে তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য‍্যসূচী ৰূপায়ণৰ পিচত প্ৰধান মন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

Exit mobile version