ভাৰতীয় নৌসেনাত প্ৰথমবাৰলৈ Ships Crew হিচাপে নিয়োজিত দুগৰাকী মহিলা

indian navy2 1600680439

ভাৰতীয় নৌসেনাত Ships Crew হিচাপে প্ৰথমবাৰলৈ দুগৰাকী মহিলাক নিযুক্তি দিয়া হৈছে ৷ তেওঁলোক হৈছে চাব লেফটেনেণ্ট কুমুদিনী ত্যাগী আৰু চাব লেফটেনেণ্ট ৰিতি সিং । অৱশ্যে ভাৰতীয় নৌসেনাত বহু মহিলাক নিয়োগ কৰা হৈছে যদিও যুদ্ধ সম্পৰ্কীয় ক্ষেত্ৰত মহিলাক নিয়োগ কৰা হোৱা নাছিল  ৷

মহিলাসকলৰ কাৰণে বাথৰুমৰ অভাৱ আদিৰ লগতে বিভিন্ন কাৰণৰ বাবে মহিলাক নিয়োগ কৰা হোৱা নাছিল । কিন্তু সম্প্ৰতি সকলো পৰিৱৰ্তন হ’ব ৷ দুগৰাকী মহিলা বিষয়াই নৌসেনাৰ মাল্টী ৰোল বিমানত অপাৰেটিং সন্দৰ্ভত প্ৰশিক্ষণ লৈ আছে ৷ তেওঁলোকে নৌসেনাৰ নতুন এম এছ-৬০ আৰ বিমান উৰাব ৷

Sub Lieutenant Kumudini Tyagi and Sub Lieutenant Riti Singh

আনহাতে এম এছ ৬০ আৰ বিমানক বিশ্বৰ আটাইতকৈ অত্যাধুনিক মাল্টী ৰোল বিমান বুলি কোৱা হয় । ২০১৮ৰ তৎকালীন প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমনে Lockheed Martinৰ দ্বাৰা নিৰ্মিত বিমান ক্ৰয় কৰিবলৈ মঞ্জুৰী দিছিল । ইয়াৰ মূল্য প্ৰায় ২.৬ আৰব আমেৰিকা ডলাৰ ৷

Exit mobile version