শ্ৰীলংকা চৰকাৰে নিষিদ্ধ কৰিছে ‘গো-হত্যা’ ।দ্বীপ ৰাষ্ট্ৰখনৰ সংসদীয় সমিতিৰ বৈঠকত এই প্ৰস্তাৱ উত্থাপন কৰে প্ৰধান মন্ত্ৰী মহিন্দা ৰাজাপাক্ষে।শ্ৰী লংকাৰ জনসংখ্যাৰ ৭০ শতাংশ লোকেই বৌদ্ধ ধৰ্মাৱলম্বী।এই সকল লোকে দীৰ্ঘ সময় ধৰি গো-হত্যাৰ বিৰোধে প্ৰতিবাদ কৰি আহিছিল।
দেশ খনৰ অধিকাংশ লোকেই গো – মাতাক পূজা কৰে ।গতিকে দেশখনৰ অধিকাংশ লোকৰে সমৰ্থন ৰক্ষা কৰি নিষিদ্ধ কৰে গো-হত্যা ।অৱশ্যে কিছু লোকৰ চাহিদা পূৰণৰ বাবে অন্য দেশৰ পৰা গো-মাংস আমদানি কৰা হ’ব ।
উল্লেখ্য যে গো-হত্যাৰ বিৰুদ্ধে এই বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলে ২০১৩ চনৰ ২৬ জুনত বিক্ষোভ প্ৰদৰ্শন কৰিছিল।এই প্ৰতিবাদত এজন বৌদ্ধ লোকে আত্মজাহ দিছিল ।