সংসদে দেশৰ কৃষকসকলৰ কাৰণে এখন ঐতিহাসিক বিধেয়ক গৃহীত কৰিলেঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

nationalherald 2020 07 9bc23150 97b6 437b 9243 72104ed3ddb6 Narendra Modi ians

কৃষক বিধেয়কক লৈ বিভিন্ন বিতৰ্ক অব্যাহত হৈ থকাৰ সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় ” সংসদে দেশৰ কৃষকসকলৰ কাৰণে এখন ঐতিহাসিক বিধেয়ক গৃহীত কৰিলে ৷ইয়াৰ কাৰণে মই দেশবাসীক,কৃষকসকলক দেশৰ উজ্জ্বল ভৱিষ্যতৰ কাৰণে বহুত বহুত শুভেচ্ছা প্ৰদান কৰিছো ৷২১শতিকাত কৃষিখণ্ডত এইয়া অতি প্ৰয়োজনীয়। ” লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৃষি বিধেয়কক লৈ বিৰোধীসকলে সৃষ্টি কৰা উত্তপ্ত পৰিস্থিতিৰ সন্দৰ্ভত মন্তব্য কৰে ।

প্ৰধানমন্ত্ৰী মোদীয়ে বিধেয়কখনৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় ” নতুন কৃষিখণ্ডই কৃষকসকলক স্বাধীনতা প্ৰদান কৰিব। তেওঁলোকে নিজ ইচ্ছানুসৰি উৎপাদিত শস্য বিক্ৰী কৰিব পাৰিব ।”আমাৰ দেশত পূৰ্বৰ কৃষি ব্যৱস্থাই কৃষকৰ কাৰণে৷অনুপযোগী আছিল ৷তেওঁলোকক স্বাধীনতা প্ৰদান কৰা নাছিল ।কিন্তু কৃষিৰ এই নতুন নীতিয়ে সকলো কৃষকক লাভাম্বিত কৰিব ৷লগতে প্ৰধানমন্ত্ৰী মোদীয়ে বিৰোধীক কটাক্ষ কৰি কয় যে কৃষকক লাভৰ কাৰণেই বহু লোকৰ অসুবিধা হৈছে। যাৰ কাৰণে তেওঁলোকে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে ।

উল্লেখযোগ্য যে এই কৃষি বিধেয়কক লৈ
উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰা পৰিপ্ৰেক্ষিতত ডেৰেক অ’ ব্ৰায়নৰ সহিতে সাতজন সাংসদ নিলম্বন কৰা হয় চৰকাৰৰ ফালৰ পৰা এই সাংসদসকলক নিলম্বন কৰাৰ প্ৰস্তাৱ দিয়া হৈছিল ৰাজ্যসভাত ৷আনহাতে যিসকল সাংসদক নিলম্বন কৰা হ’ল তেওঁলোকৰ ভিতৰত আছে তৃণমূল সাংসদ ডেৰেক অ’ ব্ৰায়ন,সঞ্জয় সিং,ডোলা সেন,ৰাজীৱ চাটব,ৰিপুন বৰা আদি ।

Exit mobile version