সন্তানসম্ভৱা অনুষ্কাৰ ছবিয়ে তোলপাৰ লগালে অনুৰাগীৰ মাজত : শ্বেয়াৰ কৰিলে ছুইমিং পুলৰ ফটো

82eeaa3d 7b59 4d4d 897e 68fd40135360

বলিউদৰ অন্যতম জনপ্ৰিয় যুটি বিৰাট-অনুষ্কা শৰ্মা । যোৱা মাহত দুয়োৱে এখন ফটো শ্বেয়াৰ কৰি ছ’চিয়েল মিডিয়াৰ জৰিয়তে তেওঁলোকৰ মাজলৈ আহিবলগীয়া সন্তানৰ সুখবৰ দিছিল অনুৰাগীসকলক । ইয়াৰ পাছতে আজি বিশ্ব কৃতজ্ঞতা দিৱসৰ লগত সংগতি ৰাখি বলিউদৰ অভিনেত্ৰী অনুষ্কা শৰ্মাই ইনষ্টাগ্ৰামত ছুইমিং পুলৰ এখন ফটো শ্বেয়াৰ কৰে । ক’লা ৰঙৰ ছুইমিং পোছাকযোৰৰ স’তে অনুষ্কাক অতি সুন্দৰ ৰূপত দেখা গৈছিল।

ফটোখনৰ সতে অনুষ্কাই কেপছনত লেখক Eckhart Tolle and আৰু Ram Dassৰ উদ্ধৃতিৰ কিছু কথা লিখে- “Acknowledging the good that you already have in your life is the foundation for all abundance’ – Eckhart Tolle. Gratitude to all those who showed me kindness and made me believe in goodness in this world, opening my heart enough to practice the same with the hope to pay it forward, because … ‘After all, we are all just walking each other home’ – Ram Dass. #worldgratitudeday.”

অনুষ্কা শর্মাৰ এই পোষ্টটিৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বলিউদৰ অভিনেত্ৰী ভূমি পেডনেকাৰে কমেন্টত লিখে-‘ছ cute’। ইয়াৰ উপৰিও মণি ৰয়েও কমেণ্টত লিখে- ‘Beautiful Inside Out.’
এইবাৰ মন কৰক অনুষ্কাই শ্বেয়াৰ কৰা ফটোখন –


উল্লেখ্য যে, অনাগত বৰ্ষৰ জানুৱাৰীত পিতৃ-মাতৃ হ’ব ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলী আৰু অভিনেত্ৰী অনুস্কা শৰ্মা । যোৱা আগষ্ট মাহত এই কথা প্ৰকাশ কৰি টুইটাৰত বিৰাট অনুস্কা দুয়ো একেলগে এখন ফ’টো শ্বেয়াৰ কৰি লিখে যে, “And then, we were three, Arriving Jan2021” ৷

অভিনেত্ৰী গৰাকীক শেহতীয়াকৈ ‘জিৰো’ ছবিখনত দেখিবলৈ পোৱা গৈছিল । আনহাতে, অনুষ্কা শর্মা Clean Slate Films প্ৰডাকচন হাউচৰ সহকাৰী মালিক । শেহতীয়াকৈ নেটফ্লিক্সৰ ‘বুলবুল’ ছবিখন নিৰ্মাণ কৰাৰ উপৰিও অনুষ্কাৰ ৱেব চিৰিজ পাতাল লোক ৰিলিজ দিয়া হৈছিল আমাজন প্ৰাইমত।

Exit mobile version