কৰ’না ভাইৰাছৰ সকলো নীতি নিৰ্দেশনা মানি নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ প্ৰায় ৬ মাহৰ অন্তত পুনৰ আৰম্ভ হ’ল ৰাজ্যৰ বিদ্যালয়সমূহ। ইয়াৰ লগে লগে প্ৰায় ৬ মাহ ঘৰতে আৱদ্ধ হৈ থকা ছাত্ৰ-ছাত্ৰীসকলে পুনৰ বিদ্যালয় আৰম্ভ হোৱাত তেওঁলোকে স্বস্তিৰ নিশ্বাস পেলাইছে। আনহাতে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে মহানগৰীৰ বিদ্যালয়সমূহতো ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি সেৰেঙা দেখা গ’ল।
আজি উলুবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দীঘলীয়া তলাবন্ধৰ পাছত দ্বাদশ শ্ৰেণীত মাত্ৰ ১০ জন ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি দেখা গ’ল। এই সন্দৰ্ভত উলুবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অৰূপা পাটগিৰিয়ে কয় “নৱম শ্ৰেণীৰ যিকেইজন ছাত্ৰ-ছাত্ৰী বিদ্যালয়লৈ আহিছিল তেওঁলোকে অভিভাৱকৰ পৰা সন্মতি পত্ৰ অনা নাছিল।
যাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকক বিদ্যালয়ত সোমাবলৈ দিয়া নহ’ল। ঠিক তেনেকৈ TC চৰকাৰী বালিকা বিদ্যালয়ত সীমিত সংখ্যক শিক্ষকে ছাত্ৰীক পাঠদান কৰে ৷কাৰণ বিদ্যালয়খনত ছাত্ৰীৰ সংখ্যা আছিল সীমিত।
আনহাতে আজিৰে পৰা আৰম্ভ হোৱা সকলো বিদ্যালয়ে কৰ’নাক প্ৰতিৰোধ কৰিবলৈ সকলো প্ৰট’কল মানি চলিছে। সকলো ছাত্ৰ-ছাত্ৰীয়ে ছেনিটাইজাৰ ব্যৱহাৰ কৰা উপৰিও মাস্ক পৰিধান কৰিছে ৷
ইপিনে অনাগত ১৫ দিনৰ কাৰণে নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ ছাত্ৰ ছাত্ৰীসকল বিদ্যালয়ত উপস্থিত থাকিব লাগিব। বিদ্যালয়সমূহত ২০ জনকৈ দুটা ভাগত পাঠদান হ’ব। প্ৰথম ভাগত পাঠদান হ’ব পুৱা ৯ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ ৷আৰু দ্বিতীয় ভাগটোত পাঠদান হ’ব ১ বজাৰ পৰা ৪ বজালৈ।
আনহাতে বিদ্যালয়সমূহত কেৱল ৫০ শতাংশ শিক্ষকহে উপস্থিত থাকিব। নৱমৰ পৰা একাদশ শ্ৰেণীলৈ পাঠদান হ’ব সোমবাৰ,বুধবাৰ আৰু শুক্ৰবাৰে ৷ ইয়াৰ বিপৰীতে দশম আৰু দ্বাদশ শ্ৰেণীৰ পাঠদান হ’ব মংগলবাৰ,বৃহস্পতিবাৰ আৰু শনিবাৰে ৷