হুংকাৰৰ সন্মুখীন ফেচবুকঃ কিন্তু কিয়?

Ajit Mohan

বিগত যোৱা ফেব্ৰুৱাৰী মাহত দিল্লীত সংঘটিত হিংসাত্মক ঘটনাৰ সময়ত বিদ্বেষ বিয়পাই তোলা পোষ্টবোৰ ফেচবুকে আঁতৰাই দিয়া নাছিল । ইয়াৰ পৰিপ্ৰেক্ষিতত দিল্লীৰ বিধানসভাৰ ‘শান্তি আৰু সম্প্ৰীতি’ কমিটিয়ে ফেচবুক ইণ্ডিয়ালৈ ‘চূড়ান্ত’ চমন প্ৰেৰণ কৰিছে ৷

এই অভিযোগ সন্দৰ্ভত ফেচবুক ইণ্ডিয়াৰ পৰা দিল্লী বিধানসভাই ফেচবুকৰ বিষয়াসকলক বুধবাৰে ‘শান্তি আৰু সম্প্ৰীতি’ কমিটিৰ সন্মুখত হাজিৰ হ’বলৈ চূড়ান্ত নিৰ্দেশ দিছে ৷

উল্লেখ্য যে, যোৱা ১৫ ছেপ্টেম্বৰত দিল্লী বিধানসভাৰ ‘শান্তি আৰু সম্প্ৰীতি’ কমিটিয়ে ফেচবুক ইণ্ডিয়াৰ পৰিচালন সঞ্চালক অজিত মোহনক উপস্থিত হ’বলৈ নিৰ্দেশ দিছিল যদিও তেওঁ উপস্থিত হোৱা নাছিল ।

কিন্তু এইবাৰ শান্তি আৰু সম্প্ৰীতি কমিটিয়ে কঠোৰতা প্ৰদৰ্শন কৰি কৈছে যে যদি ফেচবুক ইণ্ডিয়াই পুনৰ এই চমনক অগ্ৰাহ্য কৰে তেন্তে তেওঁলোকৰ  প্ৰতি শাস্তিমূলক ব্যৱস্থাও গ্ৰহণ কৰা হ’ব ।

Exit mobile version