২৪ ছেপ্টেম্বৰৰ পৰা পুনৰ কামাখ্যাৰ দুৱাৰ মুকলি কৰাৰ সম্ভাৱনা

Kamakhya Devi Temple

১৯ ছেপ্টেম্বৰত কামাখ্যা মন্দিৰ কৰ্তৃপক্ষৰ স’তে কামৰূপ মহানগৰ উপায়ুক্ত আৰু আৰক্ষী বিষয়াই কামাখ্যা মন্দিৰৰ দুৱাৰ পুনৰ মুকলি কৰাৰ বাবে এক বৈঠক অনুষ্ঠিত হৈছিল ।

বৈঠকত এই সন্দৰ্ভত এক গাইডলাইন জাৰি কৰা হয় । গাইডলাইন অনুসৰি সকলো প্ৰস্তুতি সম্পূৰ্ণ হ’লে ২৪ ছেপ্টেম্বৰৰ পৰা পুনৰ দৰ্শনাৰ্থীৰ বাবে মুকলি কৰি দিয়া হ’ব কামাখ্যাৰ দুৱাৰ ।

গাইডলাইন অনুসৰি কামাখ্যাৰ দৰ্শনাৰ্থীয়ে মানিবলগীয়া নীতি-নিয়ম সমূহ হ’ল-
■ প্ৰত্যেকদিনা কমেও ৫০০ দৰ্শনাৰ্থীয়ে মন্দিৰৰ চৌহদত প্ৰৱেশৰ অনুমতি দিয়া হৈছে।
■ কামাখ্যা মন্দিৰৰ পৰিচালনা সমিতিয়ে কামাখ্যা প্ৰৱেশৰ বাবে অনলাইন প্ৰৱেশ পত্ৰৰ ব্যৱস্থা কৰিছে। ৬৫ বছৰৰ ঊৰ্দ্ধৰ লোক আৰু ১০ বছৰৰ তলৰ শিশু প্ৰৱেশৰ অনুমতি দিয়া নাই ।
■ মন্দিৰ দৰ্শনৰ বাবে যোৱা দৰ্শনাৰ্থীৰ সুবিধাৰ্থে অনলাইন প্ৰৱেশ পত্ৰ আৰু আবেদনৰ ব্যৱস্থা মন্দিৰৰ কৰ্তৃপক্ষই নিজে গ্ৰহণ কৰিব লাগিব ।
■ এঘণ্টাত ১০০ তকৈ অধিক প্ৰৱেশ পত্ৰ দিব নোৱাৰিব আৰু ভক্তসকলে ১৫ মিনিটতকৈ অধিক সময় মন্দিৰৰ ভিতৰত থাকিব নোৱাৰিব ।
■ আৰক্ষী কৰ্তৃপক্ষই প্ৰৱেশ দ্বাৰত দৰ্শনাৰ্থীসকলৰ প্ৰৱেশ পত্ৰ নিৰীক্ষণ কৰিব আৰু তাৰ পিছতহে মন্দিৰত প্ৰৱেশ কৰিব পাৰিব দৰ্শনাৰ্থীসকল।
■ মন্দিৰৰ চৌহদ নিয়মিতভাৱে চেনিটাইজ কৰাৰ ব্যৱস্থা কৰিব লাগিব।
■ মন্দিৰত প্ৰৱেশ কৰাৰ সময়ত ভক্তসকলে হাত ভালদৰে চেনিটাইজ কৰিব লাগিব আৰু থাৰ্মেল স্কেনাৰৰ দ্বাৰা পৰীক্ষা কৰা হ’ব ।

Exit mobile version