বকোৰ নধিয়াপাৰা উন্মুক্ত ৰেল আলিত সংঘটিত হোৱা দুৰ্ঘটনাৰ সন্দৰ্ভত বুজ ল’বলৈ ঘটনাস্থলীত উপস্থিত হয় ৰেলবিভাগৰ বিষয়ববীয়া আৰু আৰ পি এফৰ জোৱান । কোনো ধৰণৰ বৈজ্ঞানিক পদ্ধতি অৱলম্বন নকৰাকৈ ৰে’ল বিভাগৰ অভিযন্তাসহ ঠিকাদাৰে এই সুৰংগ পথটোৰ নিৰ্মাণ কৰাৰ অভিযোগ কৰে স্থানীয় ৰাইজে । এই পথটোত বাৰিষা হ’লেই জমা হয় এককাঁল পানী ।
কিন্তু এই এককাঁল পানী জমা হোৱা সত্ত্বেও অনায়াসে যাতায়ত কৰিব পাৰে বুলি ৰেলৰ বিষয়ববীয়াই স্থানীয় ৰাইজক দাবী কৰি সেই পানীৰ মাজেৰেই পাৰ কৰিব লয় ৰেলকৰ্তৃপক্ষৰ স্ক’ৰপিঅ’ বাহন । পিছে পানীৰ মাজত আবদ্ধ হৈ পৰে ৰেল কৰ্তৃপক্ষৰ বাহন খন ।
অৱশেষত ক্ষুব্ধ ৰাইজে জব্দ কৰে ৰেল কৰ্তৃপক্ষৰ বাহনখন ৷ ইয়াৰ পাছত ঘটনাস্থলীত বকো আৰক্ষী থানাৰ নৱ নিযুক্ত আৰক্ষী বিষয়া উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে । ৰেলবিভাগৰ সুৰংগ পথ নিৰ্মাণৰ বাবে কোটি টকা আৱন্টিত হয় । পিছে এটা সুৰংগ পথ বা RUB নিৰ্মাণৰ নামত ঠিকাদাৰে মাত্ৰ ২০ -৩০লাখ টকা ব্যয় কৰি দায়িত্ব সামৰে ।
বাকী ধনৰ ভাগ-বতৰা কৰে ৰেল বিভাগৰ অভিযন্তা তথা ৰেল বিভাগৰ উচ্চপৰ্যায়ৰ বিষয়াই । ফলত নিম্ন মানৰ কামেৰে সামৰণি মাৰে নিজৰ দায়িত্ব । উল্লেখ্য যে দেওবাৰে বকো নধিয়াপাৰাৰ উন্মুক্ত ৰেল আলিত এখন মাৰুতি ৱেগনাৰে পথ অতিক্ৰম কৰিবলৈ লওতেই বঙাইগাঁও অভিমুখী এখন মালবাহী ৰেলে খুন্দা মাৰে ৱেগনাৰ খনত ।
উক্ত দুৰ্ঘটনাটোত একেটা পৰিয়ালৰে তিনিজন লোক থিতাতে নিহত হয় আৰু এগৰাকী গুৰুতৰভাৱে আহত হয় । উক্ত ঘটনাস্থলীত পূৰ্বেও কে’বাটাও দুৰ্ঘটনাত কে’বাজন লোকেও প্ৰাণ হেৰুৱাইছে । গতিকে সুৰংগ পথ বৈজ্ঞানিক পদ্ধতিৰে ৰূপায়ণ কৰাৰ লগতে ৰেলৰ ক্ৰ’ছিং পথত গেটৰ ব্যৱস্থা কৰিবলৈ ৰেল কৰ্তৃপক্ষক দাবী জনাইছে স্থানীয় লোকে ।