চিৰাং জিলা উপায়ুক্তৰ কঠোৰ নিৰ্দেশনা : ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক

WhatsApp Image 2020 09 22 at 8.38.53 PM

অসম চৰকাৰৰ নিৰ্দেশনা অনুসৰি আজি চিৰাং জিলা উপায়ুক্ত তথা জিলা দুৰ্যোগ প্ৰশমন বিভাগৰ সভাপতি গৌতম তালুকদাৰে আজি এক কঠোৰ নিৰ্দেশনা জাৰি কৰিছে । নিৰ্দেশনাটোত জিলাখনৰ সকলো লোকে ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰিছে । ৰাজহুৱা স্থান যেনে- বজাৰ ,পথ-পদপথ, চিকিৎসালয়, সকলো ধৰণৰ কাৰ্যালয় আদিত সকলো লোকেই মুখত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰিছে ।

ADVERTISEMENT

মহামাৰী ক’ভিড সংক্ৰমণ প্ৰতিৰোধ কৰাৰ বাবেই অসম ক’ভিড-১৯ নিয়ন্ত্ৰণৰ নিৰ্দেশনা অনুসৰি জিলা প্ৰশাসনে এই নিৰ্দেশনা জাৰি কৰিছে । জিলা উপায়ুক্তৰ নিৰ্দেশনাটোত কঠোৰ ভাৱে কোৱা হৈছে কোনো লোকেই কোনো সভা সমিতি তথা ৰাজহুৱা স্থান বা যান-বাহনত চলাচল কৰোতে বাধ্যতামূলকভাৱে মাস্ক পৰিধান কৰিব লাগিব ।

নিৰ্দেশনা অমান্য কৰি কোনো লোকে মাস্ক পৰিধান নকৰিলে ভাৰতীয় দণ্ডবিধিৰ ১৮৮ ধাৰা অনুসৰি শাস্তিৰ সন্মুখীন হ’ব লাগিব । মাস্ক পৰিধান নকৰা লোকে প্ৰথম বাৰ ৫০০ টকাৰ জৰিমনা ভৰিব লাগিব । দ্বিতীয় আৰু চতুৰ্থবাৰ অমান্য কৰা সকলে জৰিমনা হিচাপে এহেজাৰ টকা দিব লাগিব । সেয়ে জিলা উপায়ুক্তই নিৰ্দেশনাটোত সকলো লোককে ক’ভিড সংক্ৰমণ প্ৰতিৰোধৰ বাবে মাস্ক পিন্ধি সামাজিক দূৰত্ব মানি চলাৰ বাবে অনুৰোধ জনাইছে ।

Exit mobile version