ডিব্ৰুগড়ৰ চাহ উদ্যোগপতিৰ অধীনলৈ গ’ল জে’মছ ৱাৰেণ্ট টীৰ টিপুক চাহ বাগিচা

Screenshot 2020 09 21 17 46 19 1 2

উজনি অসমৰ তিনিচুকীয়া জিলাত বহুজাতিক চাহ কোম্পানীৰ লাভজনক চাহ বাগিচাসমূহ টুকুৰা টুকুৰে বিক্ৰী প্ৰক্ৰিয়া আৰম্ভ হ’ব ধৰিছে ৷ ক্ষুদ্ৰ চাহ কোম্পানীক বহুজাতিক চাহ কোম্পানীয়ে কলঘৰসহ বাগিচা বিক্ৰী কৰা ঘটনাই অসমৰ আওপুৰণি চাহ উদ্যোগটো আৰু কিমান দিনলৈ জীয়াই থাকিব তাকে লৈ প্ৰশ্নৰ অৱতাৰণা হৈছে ৷

প্ৰাপ্ত তথ্য অনুসৰি জে’মছ ৱাৰেণ্ট টী লিমিটেডৰ বৰ্ড অৱ ডাইৰেক্টৰ অনিল কুমাৰ ৰুয়াই বহুজাতিক চাহ কোম্পানীটোৰ টিপুক চাহ বাগিচাসহ কলঘৰ ২৬ কোটি টকাতে প্ৰভাত টী প্ৰাইভেট লিমিটেডক বিক্ৰী কৰিলে ৷

তিনিচুকীয়া জিলাৰ ডুমডুমা ৰাজহ চক্ৰ অন্তৰ্গত ৰূপাই চাইডিংস্থিত প্ৰভাত টী প্ৰাইভেট লিমিটেডৰ স্বত্ত্বাধিকাৰ তথা ডিব্ৰুগড়ৰ চাহ উদ্যোগপতি জয়প্ৰকাশ বেৰিয়া আৰু মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ ব্যৱসায়ী ৰাজেন দেউৰাই ২৬ কোটি টকাতে তিনিচুকীয়া জিলাৰ ডুমডুমা ৰাজহ চক্ৰ অন্তৰ্গত জে’মছ ৱাৰেণ্ট টী লিমিটেডৰ টিপুক চাহ বাগিচাসহ কলঘৰ ক্ৰয় কৰিবলৈ সক্ষম হৈছে ৷

জানিব পৰা মতে যোৱা ১৯ ছেপ্টেম্বৰত জয়প্ৰকাশ বেৰিয়া আৰু ৰাজেন দেউৰাই জে’মছ ৱাৰেণ্ট টী লিমিটেডৰ পৰা টিপুক চাহ বাগিচাখন চমজি লোৱা বুলি জানিব পৰা গৈছে ৷ উল্লেখ যে জে’মছ ৱাৰেণ্ট টী লিমিটেডৰ বৰ্ড অৱ ডাইৰেক্টৰ অনিল কুমাৰ ৰুয়াৰ পিতৃ গবিন্দ ৰুয়াই ১৯৮৩ চনত ৱাৰেণ্ট টী লিমিটেডৰ ১৪ খন চাহ বাগিচা বৃটিছৰ পৰা ক্ৰয় কৰিছিল ৷

পৰৱৰ্তী সময়ত ৱাৰেণ্ট টী লিমিটেডটোৰ পৰা জে’মছ ৱাৰেণ্ট টী লিমিটেড নামেৰে দ্বিতীয়টো চাহ কোম্পানীৰ প্ৰতিষ্ঠা কৰে অনিল কুমাৰ ৰুয়াই ৷ সেইমতে অনিল কুমাৰ ৰুয়াই দৈদাম, ৰাজআলি, থাওৰা, টিপুক, জ’লনি, দিয়ামুলী আৰু বালিজান (H O) চাহ বাগিচাক লৈ জে’মছ ৱাৰেণ্ট টী লিমিটেডৰ কামকাজ পৰিচালনা কৰে ৷

ৰুয়াই তিনিচুকীয়া জিলাৰ বৰহাপজানৰ দৈদাম চাহ বাগিচাত জে’মছ ৱাৰেণ্ট টীৰ পঞ্জীকৃত কাৰ্যালয় স্থাপন কৰি তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত চাহ ব্যৱসায় চলাই থকা সময়তে এনে কি পৰিস্থিতিত পৰি চাহ উদ্যোগপতি গৰাকীয়ে বহুজাতিক চাহ কোম্পানীটোৰ চাহ বাগিচা টুকুৰা টুকুৰাকৈ বিক্ৰী কৰিব লগীয়া অৱস্থাৰ সন্মুখীন হৈছে ইয়াৰ প্ৰকৃত তথ্য এতিয়াও পোহৰলৈ অহা নাই ৷

Exit mobile version