মাল আছে নেকি?মাদক দ্ৰব্য বিছাৰি নিজৰ মেনেজাৰক মেছেজ দিলে এগৰাকী জনপ্ৰিয় বলীউড সুন্দৰীয়েঃ কিন্তু কোন এই সুন্দৰী?

padukones1200

বলীউডত এইকেইদিন আটাইতকৈ চৰ্চিত প্ৰসংগ হৈছে মাদক দ্ৰব্য,NCB আৰু ৰিয়া চক্ৰৱৰ্তী। প্ৰয়াত সুশান্ত সিং ৰাজপুতক মাদক দ্ৰব্য যোগান ধৰাৰ পৰিপ্ৰেক্ষিতত NCB য়ে গ্ৰেপ্তাৰ কৰিছিল ৰিয়াক৷ ইয়াৰ পাছতেই ৰিয়াৰ ভাষ্য অনুসৰি বলীউডৰ মাদক দ্ৰব্যত আসক্ত চেলিব্ৰেটিসকলৰ নামৰ তালিকা প্ৰস্তুত কৰিছে NCBয়ে ।

ADVERTISEMENT

এই সন্দৰ্ভত ছাৰা আলী খান,শ্ৰদ্ধা কাপুৰৰ লগতে বহুতৰ নাম সাঙুৰ খাইছে যদিও শেহতীয়াকৈ মাদক দ্ৰব্য আসক্তৰ তালিকাত অন্তৰ্ভুক্ত হৈছে বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী দিপীকা পাডুকনৰ নাম। দীপিকাই নিজৰ মেনেজাৰক এক মেছেজত প্ৰশ্ন কৰিছে “মাল আছে নেকি? মাল আছে নেকি অৰ্থাৎ মাদক দ্ৰব্য ৷

সম্প্ৰতি এই সন্দৰ্ভত সোধ পোচ কৰিবলৈ দীপিকা প্ৰাক্তন মেনেজাৰ কৰিশ্মা প্ৰকাশলৈ NCB য়ে চমন জাৰি কৰিছে ৷কাৰণ দীপিকাই কৰিশ্মাৰ পৰা হেশ” মাদক দ্ৰব্য বিচাৰিছিল৷ কিন্তু কৰিশ্মাই কৈছিল হেশ নাই ৱীড আছে। আনহাতে দীপিকা আৰু কৰিশ্মাৰ মাদক দ্ৰব্য সন্দৰ্ভত কৰা কথা বতৰাত অমিত আৰু শীল নামৰ দুজন যুৱক জড়িত হৈ আছে। অৱশ্যে অমিত আৰু শীল কোন ?সেই সন্দৰ্ভত এতিয়ালৈকে চিনাক্ত কৰা হোৱা নাই।

আনহাতে মাদক দ্ৰব্যৰ লগত দীপিকাৰ নাম জড়িত হোৱাৰ পাছত আক্ৰমণাত্মক হৈ উঠিছে কংগনা ৰানাউট ৷কংগনাৰ প্ৰশ্ন যে “তথাকথিত হাই ক্লাছ মেন্টেইন কৰা বৃহৎ বৃহৎ ষ্টাৰৰ সন্তানৰ শিক্ষা এইয়াই নেকি? যিয়ে নিজৰ মেনেজাৰক সোধে “মাল আছে নেকি”? সদ্যহতে মাদক দ্ৰব্যৰ লগত দীপিকা পাডুকনৰ দৰে হাইপ্ৰফাইল অভিনেত্ৰীৰ নাম জড়িত হোৱা পাছত প্ৰশ্ন হয় ৰিয়াৰ লগতে ভায়খলা কাৰাগাৰত বন্দী হ’ব নেকি বহু বলীউড সুন্দৰী ? এইয়া এক বৃহৎ প্ৰশ্ন ৷

Exit mobile version