‘HBO Max’ৰ ৱেব চিৰিজত অংশগ্ৰহণ প্ৰিয়ংকা চোপ্ৰা আৰু কেট উইন্সলেটৰ

priyankachopra and kate winslet

‘HBO Max’ৰ আহিবলগীয়া ৱেব চিৰিজ ‘A World of Calm’ত অংশগ্ৰহণ কৰিছে গ্লবেল আইকন প্ৰিয়ংকা চোপ্ৰা আৰু হলিউদৰ তাৰকা কেট উইন্সলেটে । ১ অক্টোবৰত মুক্তি পাবলগীয়া ৱেব চিৰিজখনৰ সন্দৰ্ভত মঙলবাৰে পুৱা টুইট কৰে প্ৰিয়ংকা চোপ্ৰাই । ৱেব চিৰিজ খনত আধা ঘণ্টাৰ ১০ টা খণ্ড উপভোগ কৰিব পাৰিব দৰ্শকে, য’ত প্ৰত্যেকটো খণ্ডত আশ্চৰ্যজনক দৃশ্য আৰু দৰ্শকৰ বাবে শান্ত অনুভৱৰ ৰূপত সুখদায়ক বৰ্ণনাৰে নিৰ্মাণ কৰা হৈছে ।

‘A World of Calm’ নামৰ ৱেব চিৰিজখন মানসিক স্বাস্থ্য সজাগতা এপ Calm আৰু প্ৰডাকচন হাউচ Nutopiaই যুটীয়াভাৱে নিৰ্মাণ কৰিছে । ৱেব চিৰিজখনত অন্তৰ্ভুক্ত হৈছে বহু কেইজন তাৰকাই- মহেৰচলা আলি, ঈদৰিছ ইল্বা, অস্কাৰ ইসাক, নিক’ল কিডমেন, জ’ ক্ৰাভিট্জ, লোসী লিও, সিলীয়ন মাৰ্ফি আৰু কীয়ানু ৰিব্স । Purple Pebble Pictures প্ৰডাকচন হাউচৰ স্বত্বাধিকাৰী প্ৰিয়ংকা চোপ্ৰাই আমাজনত আহিবলগীয়া ছবি Evil Eye ত সহ-প্ৰযোজনা কৰিছে।

আনহাতে, আগন্তুক দিনত Netflixৰ The White Tiger চিনেমাখনত দেখা যাব প্ৰিয়ংকা চোপ্ৰাক । ইয়াৰ উপৰিও আমাজনৰ সংগীতৰ বিষয়ভুক্ত এটা অনুষ্ঠানত প্ৰিয়ংকা চোপ্ৰাই নিক জ’নাছৰ স’তে পৰিচালনা কৰিছে। এই বৰ্ষৰ আৰম্ভণিতে প্ৰিয়ংকাই আমাজনৰ স’তে বহু মিলিয়ন ডলাৰৰ চুক্তিত চুক্তিবদ্ধ হৈছে ।

Exit mobile version