সমগ্ৰ বিশ্বৰ লগতে ৰাজ্যত সম্প্ৰতি ক’ভিড-১৯এ ভয়াবহতাৰ ৰূপ ধাৰণ কৰিছে । এনে অৱস্থাত ক’ভিডৰ বিষয়ে বহল ভাৱে সজাগতাৰ উদ্দেশ্যে আজি জিলা স্বাস্থ্য বিভাগে আয়োজন কৰে এক ক’ভিড সজাগতা সমদলৰ । ৰাতিপুৱা ১১ বজাত চিৰাং জিলা উপায়ুক্ত গৌতম তালুকদাৰে স্বাস্থ্য বিভাগৰ পতকা জোকাৰি আনুষ্ঠানিক ভাৱে উদ্ধোধন কৰি কয় যে ক’ভিড-১৯ য়ে ক্ৰমাৎ ভয়াবহ ৰূপ ধাৰণ কৰিছে ।
সেয়ে আজি জিলা স্বাস্থ্য বিভাগ আৰু জিলা দুৰ্য্যোগ প্ৰশমন বিভাগৰ সহযোগত আজি ক’ভিড সজাগতাৰ বাবে এই সমদলৰ আয়োজন কৰা হৈছে । ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ নিৰ্দেশনা অনুসৰি আয়োজন কৰা এই সজাগতা সমদলৰ শুভ উদ্ধোধন কৰা হয় । ইয়াৰ দ্বাৰা ক’ভিড প্ৰতিৰোধৰ বাবে মুখত মাস্ক পৰিধান কৰা, হাত বীজাণুমুক্তকৰণ কৰা, সামাজিক দূৰত্ব বৰ্তাই ৰখা আদিৰ সন্দৰ্ভত আজিৰে পৰা ঘৰে ঘৰে সজাগতা চলাব । ]জিলাখনৰ আশা কৰ্মী, অংগনৱাড়ী কৰ্মী-সহায়িকা, স্বাস্থ্য বিভাগৰ লোক তথা সমাজৰ সৰ্বপ্ৰকাৰৰ লোকক এই সজাগতাত সাঙুৰি লোৱা হ’ব বুলি জিলা উপায়ুক্তজনে জনায় । এতিয়াও যিদৰে মানুহ সজাগ হ’ব লাগিছিল সেই অনুপাতে সজাগ নোহোৱা বাবেই আৰক্ষীয়ে ঠায়ে ঠায়ে জৰিমনা বিহিব লগীয়া হৈছে ।
আজি আশা কৰ্মী আৰু জিলা স্বাস্থ্য বিভাগৰ লোকৰ দ্বাৰা আয়োজন কৰা সজাগতা সমদলে নিশ্চয়কৈ সমাজৰ সাধাৰণ লোক সকলক বহু পৰিমাণে সজাগ কৰিব বুলি আশা প্ৰকাশ কৰে জিলা উপায়ুক্ত গৰাকীয়ে । উপায়ুক্ত গৰাকীয়ে কয় যে ইতিমধ্যে জিলাখনত কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে । য’ত কোৱা হৈছে মাস্ক পৰিধান কৰা বাধ্যতামূলক কৰা হৈছে, সামাজিক দূৰত্ব আৰু হাত বীজাণুমুক্তকৰণ বাধ্যতামূলক কৰা হৈছে ।
সেয়ে নিৰ্বাচনী সভা সমূহতো নজৰ ৰখাৰ বাবে আৰক্ষীক দায়িত্ব দিয়া হৈছে । এশ জনতকৈ অধিক মানুহৰ সমাগম বন্ধ কৰাৰ লগতে জিলা প্ৰশাসনৰ অনুমতি হীন সভাবোৰ বাতিল কৰাৰ নিৰ্দেশ দিয়া হৈছে বুলিও কয় জিলা উপায়ুক্ত জনে ।
আজিৰ এই সমদলত জিলা উপায়ুক্ত গৌতম তালুকদাৰৰ সৈতে অতিৰিক্ত উপায়ুক্ত কৰ্মদেৱ ব্ৰহ্ম, চিৰাং জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ৰাতুল বৰদলৈ, জিলা স্বাস্থ্য বিভাগৰ মিডিয়া বিশেষজ্ঞ ময়েজ উদ্দিন আহমেদৰ লগতে অন্যান্য বিষয়ববীয়া সকল উপস্থিত থাকে য’ত প্ৰায় দুই শতাধিক আশা কৰ্মীয়ে অংশগ্ৰহণ কৰে বৰষুণৰ মাজতে ।