চৰকাৰী তথ্যঃ প্ৰধানমন্ত্ৰী মোদীৰ বিদেশ ভ্ৰমণত ব্যয় হৈছে ৫১৭ কোটি টকা

IndiaTvf17b8d modi independence day

বিগত পাঁচ বছৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৫৮ খন দেশ ভ্ৰমণৰ নামত চৰকাৰৰ ব্যয় হৈছে ৫১৭কোটি টকা।ৰাজ্যসভাত এই তথ্য সদৰী কৰে বিদেশ পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী ভি মুৰলীধৰণে৷ভ্ৰমণৰ তথ্য অনুসৰি বিগত পাঁচ বছৰত প্ৰধান মন্ত্ৰী মোদীয়ে আমেৰিকা, ৰাছিয়া আৰু চীনত পাঁচবাৰকৈ ভ্ৰমণ কৰাৰ উপৰিও ছিংগাপুৰ, জাৰ্মানী, ফ্ৰান্স, শ্ৰীলংকা আৰু সংযুক্ত আৰব একাধিকবাৰ ভ্ৰমণ কৰিছে।

২০১৯ৰ ১৩ আৰু ১৪ নৱেম্বৰত শেষবাৰৰ বাবে প্ৰধান মন্ত্ৰী মোদী দুদিনীয়া ভ্ৰমণসূচীৰে ব্ৰাজিললৈ গৈছিল।এই ভ্ৰমণত ব্যয় হয় প্ৰায় ২০ কোটি ৩৫ লাখ ৪৮ হাজাৰ টকা৷মোদীৰ ভূটান ভ্ৰমণৰ সময়ত ব্যয় হয় ২কোটি ৪৫ লাখ ২৭ হাজাৰ ৪৬৫ টকা ৷নেপাল ভ্ৰমণৰ সময়ত মোদীয়ে বায়ুসেনা বাহিনীৰ ব’য়িং বিজনেছ বিমান ব্যৱহাৰ কৰে।

জাপান ভ্ৰমণৰ সময়ত ১৩কোটি ৪৭ লাখ ৫৮ হাজাৰ কোটি ব্যয় হয়। আৰু আমেৰিকা ভ্ৰমণৰ সময়ত ব্যয় হয় ১৯ কোটি ৪ লাখ ৬০ হাজাৰ টকা,অষ্ট্ৰেলিয়া,ফিজি ভ্ৰমণৰ সময়ত ব্যয় হয় ২২কোটি ৫৮ লাখ ৬৫ হাজাৰ।

বিদেশ ৰাজ্য মন্ত্ৰী মুৰলীধৰণে মোদীৰ ভ্ৰমণৰ ফলত বিভিন্ন দেশৰ সৈতে বিভিন্ন চুক্তি হোৱাৰ স্বাক্ষৰিত হোৱাৰ কথা প্ৰকাশ কৰে।লগতে তেওঁ কয় যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিদেশ ভ্ৰমণৰ ফলত বিভিন্ন দেশৰ সৈতে ব্যৱসায়িক সম্পৰ্কৰ উন্নতি ঘটিছে তথা দেশত বিদেশী বিনিয়োগৰ পৰিমান বৃদ্ধি পাইছে ৷উল্লেখ্যযোগ্য যে প্ৰধানমন্ত্ৰী মোদী সঘনাই বিদেশ ভ্ৰমণক লৈ বিভিন্ন সময়ত বিৰোধী পক্ষই কটাক্ষও কৰিছে।

Exit mobile version