টাইম আলোচনীত ১০০ গৰাকী প্ৰভাৱশালী ব্যক্তিৰ তালিকাত আয়ুস্মান খুৰানা

ayushmann

বলীউডৰ জনপ্ৰিয় অভিনেতা আয়ুস্মান খুৰানাই শেহতীয়াকৈ ইনষ্টাগ্ৰামত এটা প’ষ্ট শ্বেয়াৰ কৰিছে ৷এই প’ষ্টটোত আয়ুস্মানে কৈছে যে টাইম আলোচনীৰ বিশ্বৰ প্ৰভাৱশালী লোকসকলৰ তালিকাত অভিনেতা গৰাকীয়ে স্থান লাভ কৰিবলৈ সক্ষম হৈছে ।ইয়াৰ লগতে আয়ুস্মানে টাইম আলোচনীত প্ৰকাশ পোৱা এখন ফ’টোও শ্বেয়াৰ কৰিছে।

ADVERTISEMENT

আয়ুস্মান খুৰানাই এই প’ষ্টটোক শ্বেয়াৰ কৰি লিখিছে “টাইমৰ পৃথিৱীত ১০০ জন প্ৰভাৱশালী ব্যক্তিৰ নাম প্ৰকাশ পাইছে ৷মই গৰ্বিত যে মইও এই তালিকাত অন্তৰ্ভুক্ত হৈছো৷ “আয়ুস্মানৰ এই প’ষ্টত কৰিশ্মা শৰ্মা,ৰোচক কোহলী,অনমৌল মালিক আদিৰ দৰে চেলিব্ৰিটীসকলে শুভেচ্ছা দিছে। আনহাতে বৰুণ ধাৱানৰ লগতে আন বহু চেলিব্ৰিটিয়ে এই প’ষ্টক লাইক কৰিছে৷

আয়ুস্মান খুৰানাৰ উপৰিও টাইমৰ এই তালিকাত মাইকল বী জৰ্দান,জেনিফাৰ হচডন আৰু চেলিনা গোমেজৰ নামো অন্তৰ্ভুক্ত হৈছে ।ইপিনে টাইম আলোচনীত আয়ুস্মান খুৰানাৰ নাম অন্তৰ্ভুক্ত হোৱাৰ পিছত অভিনেত্ৰী দিপীকা পাডুকনেও এটি প’ষ্ট লিখে ।উল্লেখ্য যে ২০১৮ ত এই আলোচনীৰ তালিকাত অন্তৰ্ভুক্ত হৈছিল দীপিকা পাডুকনৰ নাম ৷

দীপিকাই টাইম আলোচনীত আয়ুস্মান কাৰণে লিখে “আয়ুস্মান খুৰানাক তেওঁৰ প্ৰথম ছবি ৱিক্কী ড’নাৰৰ পৰাই মনত আছে। তেওঁ বিভিন্ন ধৰণে মনোৰঞ্জন জগতৰ লগত জড়িত। কিন্তু আজি আমি তেওঁক এই কাৰণে মনত পেলাইছো যে আয়ুস্মানে কিছুমান চিৰসেউজ ছবি আমাক উপহাৰ দিছে। আয়ুস্মানে সকলো প্ৰত্যাহ্বানপূৰ্ণ চৰিত্ৰ পুংখানুপুংখভাৱে চিত্ৰিত কৰিছে ।

উল্লেখযোগ্য যে আয়ুস্মান খুৰানাৰ উপৰিও টাইম আলোচনী প্ৰভাৱশালী ব্যক্তিৰ তালিকাত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে অন্যান্য বহুজন।

Exit mobile version