পুনৰ ছেঞ্চুৰিৰ দিশে পিয়াঁজৰ মূল্য

Sarbananda Sonowal e1545614338189

পুনৰ বজাৰত পিয়াঁজৰ মূল্যই ছেঞ্চুৰি কোবোৱাৰ দিশে ধাবমান হৈছে।ইতিমধ্যে অসমৰ খুচুৰা বজাৰত প্ৰতি কিলোগ্ৰাম পিয়াঁজৰ মূল্য ৫০ টকালৈ বৃদ্ধি হৈছে।ৰাজ্যৰ যোগান বিভাগ আৰু পাইকাৰী ব্যৱসায়ীৰ তথ্য মতে নাটনিৰ বাবে নৱেম্বৰত বজাৰলৈ আহিবলগীয়া দেশত উৎপাদিত নতুন পিয়াঁজ ডিচেম্বৰৰ শেষলৈহে অহাৰ সম্ভাৱনা আছে ।

কিন্তু আমদানিৰ জৰিয়তে এই দীঘলীয়া সময়ছোৱাত চাহিদা পূৰণ কৰাটো কোনোপধ্যে সম্ভৱ নহয় ।গতিকে নাটনি অব্যাহত থকাৰ লগতে মূল্যও অৱধাৰিতভাৱে উৰ্ধগামী হ’ব ।পিছে নিৰ্বাচনৰ আগমুহূৰ্তত বজাৰৰ সম্ভাব্য এই পৰিৱেশে গভীৰভাৱে চিন্তিত কৰিছে দিছপুৰক।সেয়েহে যোগান বিভাগক এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কঠোৰ নিৰ্দেশ দিছে ।

ইয়াৰ পৰিপ্ৰেক্ষিতত আজি দিছপুৰত জৰুৰীভাৱে পিয়াঁজৰ পাইকাৰী ব্যৱসায়ী আৰু যোগান বিভাগৰ মাজত এখন বৈঠক অনুষ্ঠিত হয় ।বৈঠকত উপস্থিত থাকে বিভাগীয় মন্ত্ৰী ফণীভূষণ চৌধুৰী ।

বৈঠকৰ সিদ্ধান্ত অনুসৰি চৰকাৰে নিজাববীয়াকৈ ক্ৰয় কৰি সুলভ মূল্যৰ দোকান আৰু আমাৰ দোকানসমূহত নিয়ন্ত্ৰিত মূল্যত পিয়াঁজ বিক্ৰী কৰিব ।ইয়াৰ দ্বাৰা ৰাজ্যৰ ৭০ শতাংশ লোকক সামৰি লোৱা হৈছে।

পিছে এই নিৰ্ধাৰিত লক্ষ্যত চৰকাৰ উপনীত হ’ব পাৰিব নে নোৱাৰে সেয়াও সন্দেহৰ আৱৰ্তত ।স্বয়ং যোগান বিভাগৰ উচ্চস্তৰীয় সূত্ৰই এই আশংকা ব্যক্ত কৰে ।কাৰণ সমগ্ৰ ভাৰতবৰ্ষত পিয়াঁজৰ নাটনিৰ মাত্ৰা ইতিমধ্যে বাঢ়িছে।উত্তৰ ভাৰতৰ বৃহৎ ব্যৱসায়ী সকলে আফগানিস্তানৰ পৰা পিয়াঁজ আমদানিৰ বাবে যোগাযোগ আৰম্ভ কৰিছে ।

Exit mobile version