লোক নিৰ্মাণ বিভাগ হিচাপে পৰিচিত হ’ব গড়কাপ্তানি বিভাগ

PWD

জৰাজীৰ্ণ হৈ পৰা ৰাজ্যৰ বাট পথ তথা বিভিন্ন বিভাগৰ গৃহাদিৰ ৰূপ সলনি কৰিব নোৱাৰা গড়কাপ্তানি বিভাগৰ নাম সলনি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৰাজ্য চৰকাৰে। ফলত এতিয়াৰে পৰা “গড়কাপ্তানি বিভাগ”টো “লোক নিৰ্মাণ” বিভাগ হিচাপে পৰিচিত হ’ব ৷

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু গড়কাপ্তানি বিভাগৰ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অনুমোদনৰ ভিত্তিত ৰাজ্য চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰে। ৰাজ্য চৰকাৰৰ গড়কাপ্তানি বিভাগৰ আয়ুক্ত তথা বিশেষ সচিব ৰাজ চক্ৰৱৰ্তীয়ে আজি এই সম্পৰ্কত BNH/ই টি/৩৪/২০২০/১২নম্বৰযোগে এক অধিসূচনা জাৰি কৰে।

দিছপুৰৰ এক সূত্ৰই আজি এই কথা সদৰী কৰে ৷লগতে ৰাজ্য চৰকাৰৰ গড়কাপ্তানি বিভাগে নাম সলনিৰ বাবে গ্ৰহণ কৰা সিদ্ধান্ত এই সম্পৰ্কত অধিসূচনা জাৰি কৰাৰ সময়ৰে পৰা বলৱৎ হ’ব বুলি সূত্ৰটোৱে জনায় ।

Exit mobile version