একনায়কত্ববাদী শাসক কিম, হত্যা কৰি জ্বলাই দিলে দক্ষিণ কোৰিয়াৰ বিষয়াক

Kim Jong un 2679595

একনায়কত্ববাদী নেতা কিম জং উন শাসনাধীন উত্তৰ কোৰিয়াৰ নিত্য নতুন খবৰে সকলোকে আচৰিত কৰি তোলে ৷ কেতিয়াবা যদি খবৰ আহে যে কিমৰ মৃত্যু হৈছে ৷ আন কেতিয়াবা আকৌ খবৰ আহে কিমে ৰাজপাটৰ লালসাত নিজৰ ভগ্নীকে হত্যা কৰিছে । শেহতীয়াকৈ উত্তৰ কোৰিয়াৰ কৰ’নাত আক্ৰান্ত লোকসকলক গুলীওৱাৰ নিৰ্দেশ দিছিল কিমে ।

কিন্তু সম্প্ৰতি লাভ কৰা তথ্য অনুসৰি উত্তৰ কোৰিয়াই দক্ষিণ কোৰিয়াৰ এগৰাকী বিষয়াক গুলী কৰি হত্যা কৰাৰ পাছত জ্বলাই দিয়াৰ অভিযোগ উঠিছে । আজি এই তথ্য সদৰী কৰিছে দক্ষিণ কোৰিয়াৰ সামৰিক বাহিনীয়ে ৷ সীমান্তৰ সমীপৰ এখন টহলদাৰী নাওৰ পৰা বিষয়াগৰাকী নিৰুদ্দেশ হৈছিল। পাছত তেওঁক উত্তৰ কোৰিয়াৰ জল সীমাত উদ্ধাৰ কৰা হয় ।

উত্তৰ কোৰিয়াৰ সেনাই বিষয়াজনক গুলীয়াই নিহত কৰাৰ পাছত তেওঁৰ মৃতদেহত তেল ঢালি জ্বলাই দিয়ে । এনে হত্যাকাণ্ডক অত্যন্ত নিৰ্মম কাণ্ড বুলি গৰিহনা দিছে দক্ষিণ কোৰিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ে । আনহাতে, দক্ষিণ কোৰিয়াৰ এনে অভিযোগৰ বিপৰীতে এতিয়ালৈকে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই উত্তৰ কোৰিয়াই।

Exit mobile version