কৰ’নাত আক্ৰান্ত হোৱা কেন্দ্ৰীয় মন্ত্ৰীৰ ভিতৰত প্ৰথমগৰাকী ৰেল ৰাজ্যমন্ত্ৰীৰ মৃত্যু

image 1

■কেন্দ্ৰীয় ৰেলমন্ত্ৰী সুৰেশ অংগাড়ী প্ৰায় দুসপ্তাহৰ আগেয়ে কৰ’নাত আক্ৰান্ত হৈছিল ।
■ স্বাস্থ্যৰ অৱনতি ঘটাৰ পাছতে ভৰ্তি কৰোৱা হৈছিল দিল্লীত এইমছত ।
■ সুৰেশ অংগাড়ী কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হোৱা প্ৰথমজন কেন্দ্ৰীয় মন্ত্ৰী আৰু চতুৰ্থজন সাংসদ।
■ ১৯৯৬ত বেলগামত বিজেপিৰ সহ সভাপতি হিচাপে ৰাজনৈতিক জীৱনৰ আৰম্ভণি কৰিছিল মন্ত্ৰীগৰাকীয়ে ।
■১৯৫৫ত কৰ্ণাটকৰ বেলগাম জিলাত জন্মগ্ৰহণ কৰা বিজেপি নেতাগৰাকীয়ে দীর্ঘ ৰাজনৈতিক জীৱনটিত বহুকেইটা পদ অধিষ্ঠিত কৰিছিল ।
■ ২০০৪ত লোকসভাত সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পাছত ২০০৯ত পুনৰ নিৰ্বাচিত হৈছিল ।
■ ২০১৪ত তৃতীয়বাৰৰ বাবে নিৰ্বাচিত হৈছিল ।
■ বিগত বৰ্ষত অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনৰ সময়ত চতুৰ্থবাৰৰ বাবে নিৰ্বাচিত হৈছিল, ইয়াৰ পাছতে কেন্দ্ৰীয় ৰেল ৰাজ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত কৰিছিল।
■ সুৰেশ অংগাড়ী আছিল আইনৰ স্নাতক। মৃত্যুৰ সময়ত তেখেতে পত্নী আৰু দুগৰাকী জীয়েক এৰি থৈ যায়।
■ কেন্দ্ৰীয় ৰে’ল ৰাজ্যমন্ত্ৰী সুৰেশ অংগাড়ীৰ বিয়োগত সমগ্ৰ দেশবাসীৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গভীৰ শোকপ্ৰকাশ কৰে ।

■ মন্ত্ৰীগৰাকীৰ বিয়োগত দেশে এগৰাকী দক্ষ আৰু জনসেৱাত উৎসৰ্গিত জন নেতা হেৰুৱালে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী সোণোৱালে ।

Exit mobile version