চিৰাঙৰ ছাতিপুৰত বিদ্যুত বিভাগৰ গাফিলতিত ৩৩ কেভিৰ তাৰ তললৈ নামি অহাত বিদ‍্যুতপৃষ্ট হৈ থিতাতে নিহত কিশোৰ

7fd87638 0a27 42e0 993c 8aa70db792bd

চিৰাঙৰ ছাতিপুৰত উচ্চ ক্ষতাসম্পন্ন বিদ‍্যুতৰ বিদ‍্যুতপৃষ্ট হৈ এজন কিশোৰৰ নিহত হয় ৷ বিয়লি ৪.৩০ বজাত সংঘটিত হোৱা এই ঘটনাত নিহত কিশোৰজন ছাতিপুৰৰ নৰেশ বাছফোৰৰ পুতেক নৰতন কুমাৰ বাছফোৰ(১৩)।

বিদ‍্যুত বিভাগৰ হেমাহিৰ বাবে সংঘটিত হৈছে এই ঘটনা । ছাতিপুৰ গাঁওৰ ওপৰেৰে পাৰ হৈ যোৱা উচ্চ ক্ষমতাৰ (৩৩কেভি) বিদ‍্যুত পৰিবাহি তাৰ তললৈ নামি আহিছিল আৰু প্ৰায়েই অঞ্চলটোত জুই জ্বলি উঠে আৰু সন্ত্ৰাসৰ সৃষ্টি হয়। বহু দিনৰ পৰা এই বিষয়ে বিদ‍্যুত বিভাগত অভিযোগ দাখিলৰ পাছতো কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই বিদ‍্যুত বিভাগে ।

যোৱা এবছৰৰ পৰা এজন ঠিকাদাৰে এই বিদ‍্যুতৰ তাঁৰ মেৰামতি কৰাৰ কাম লৈয়ো কোনো কাম কৰা পৰিলক্ষিত হোৱা নাই । যাৰ ফলত আজি কিশোৰ জন বিদ‍্যুতপৃষ্ট হৈ ছিটিকি পৰে আৰু তৎক্ষণাত জুই জ্বলি উঠে আৰু থিতাতেই নিহত হয় ।

কাৰণ ৩৩ কেভি ক্ষমতাৰ বিদ‍্যুত পৰিবাহী তাঁৰ ইমানেই নামি আহিছে যে চাৰিসীমাৰ বেৰ(ৱাল)ত লাগো লাগো হৈ আছিল আৰু এই নিৰ্মম ঘটনা সংঘটিত হয় । ছাতিপুৰ বাসী লোকে অতিশীঘ্ৰেই এই উচ্চ ক্ষমতাৰ বিদ‍্যুতৰ তাৰ ওপৰলৈ উঠোৱাৰ দাবী জনায়। নিহত কিশোৰজনৰ পৰিয়াললৈ ক্ষতিপূৰণৰ দাবী কৰিছে স্থানীয় লোকে ।

Exit mobile version