প্ৰধানমন্ত্ৰী মোদীসহ টাইম আলোচনীত জিলিকিল ভাৰতৰ অতিকৈ চিনাকী কেইগৰাকীমান ব্যক্তি

modi 759 8

শেহতীয়াকৈ বিখ্যাত টাইম আলোচনীয়ে প্ৰকাশ কৰা ১০০ জন প্ৰভাৱশালী ব্যক্তিৰ তালিকাত আছে কেইগৰাকীমান অতিকৈ চিনাকী ভাৰতীয়ৰ নাম ৷ সেইসকলৰ ভিতৰত টাইম আলোচনীৰ প্ৰভাৱশালী ব্যক্তিৰ তালিকাত স্থান লাভ কৰিছে ভাৰতৰ বিলকিছ বানুয়ে ।

এইগৰাকী ৮২ বছৰীয়া বৃদ্ধাই বয়সকো নেওচি  “নাগৰিকত্ব সংশোধনী আইন”ৰ বিৰুদ্ধে আন্দোলন কৰিবলৈ ঘৰৰ পৰা খোজকাঢ়ি আহি বহুতকে উৎসাহিত কৰিছিল  ৷ আনহাতে টাইম আলোচনীৰ  তালিকাত স্থান লাভ কৰা ১০০ গৰাকী প্ৰভাৱশালী লোকৰ ভিতৰত ৫৪ গৰাকীয়েই হৈছে মহিলা ।

বিলকিছ বানুৰ উপৰিও টাইম আলোচনীত স্থান পাইছে ভাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী,প্ৰফেচাৰ ৰবীন্দ্ৰ গুপ্তা আৰু গুগলৰ মুখ্য কাৰ্যবাহী বিষয়া সুন্দৰ পিছাইৰ নামো অন্তৰ্ভূক্ত হৈছে । আনহাতে বলীউডৰ অভিনেতা আয়ুস্মান খুৰানাৰ নামো অন্তৰ্ভূক্ত হৈছে টাইম আলোচনীত । এই সন্দৰ্ভত অভিনেতা আয়ুস্মান খুৰানাই শেহতীয়াকৈ ইনষ্টাগ্ৰামত এটা প’ষ্ট শ্বেয়াৰ কৰিছে ৷

এই প’ষ্টটোত আয়ুস্মানে কৈছে যে টাইম আলোচনীৰ বিশ্বৰ প্ৰভাৱশালী লোকসকলৰ তালিকাত অভিনেতা গৰাকীয়ে স্থান লাভ কৰিবলৈ সক্ষম হৈছে ।ইয়াৰ লগতে আয়ুস্মানে টাইম আলোচনীত প্ৰকাশ পোৱা এখন ফ’টোও শ্বেয়াৰ কৰিছে।

আয়ুস্মান খুৰানাই এই প’ষ্টটোক শ্বেয়াৰ কৰি লিখিছে “টাইমৰ পৃথিৱীত ১০০ জন প্ৰভাৱশালী ব্যক্তিৰ নাম প্ৰকাশ পাইছে ৷ মই গৰ্বিত যে মইও এই তালিকাত অন্তৰ্ভুক্ত হৈছো ৷ “আয়ুস্মানৰ এই প’ষ্টত কৰিশ্মা শৰ্মা, ৰোচক কোহলী, অনমৌল মালিক আদিৰ দৰে চেলিব্ৰিটীসকলে শুভেচ্ছা দিছে ।

আনহাতে বৰুণ ধৱনৰ লগতে আন বহু চেলিব্ৰিটিয়ে এই প’ষ্টক লাইক কৰিছে ৷ আয়ুস্মান খুৰানাৰ উপৰিও টাইমৰ এই তালিকাত মাইকল বী জৰ্দান, জেনিফাৰ হচডন আৰু চেলিনা গোমেজৰ নামো অন্তৰ্ভুক্ত হৈছে ।

ইপিনে টাইম আলোচনীত আয়ুস্মান খুৰানাৰ নাম অন্তৰ্ভুক্ত হোৱাৰ পিছত অভিনেত্ৰী দিপীকা পাডুকনেও এটি প’ষ্ট লিখে । উল্লেখ্য যে ২০১৮ ত এই আলোচনীৰ তালিকাত অন্তৰ্ভুক্ত হৈছিল দীপিকা পাডুকনৰ নাম ৷

Exit mobile version