পৰিবহন ব্যৱস্থাত সন্মুখীন হোৱা জটিল সমস্যাৰ সমাধান বিচাৰি ৰাজ্য চৰকাৰলৈ সদৌ অসম মটৰ পৰিবহন সন্থাৰ আবেদন

2f11a465 3c97 4b26 9eee eae2bbb6ef26

■ কৰ’না মহামাৰীৰ জটিল সময়ছোৱাত পৰিবহন ব্যৱস্থাটোত সন্মুখীন হোৱা জটিল সমস্যাৰ সমাধান বিচাৰি ৰাজ্য চৰকাৰৰ ওচৰত আবেদন জনোৱা হৈছিল যদিও কোনোধৰণৰ সঁহাৰি নোপোৱাত পুনৰ বিবেচনা তথা ফলপ্ৰসূ সিদ্ধান্তৰ বাবে পুনৰ পত্ৰ যোগে আহ্বান জনায় সদৌ অসম মটৰ পৰিবহন সন্থাই ।
■ দুটা Quarter পথকৰ ৰেহাইৰ বিষয়টোৰ ওপৰত শীঘ্ৰে অসম চৰকাৰৰ পৰিবহণ বিভাগৰ পৰা এক নির্দেশ জাৰি কৰি সকাহ দিবলৈ পুনৰ দাবী জনায় সদৌ অসম মটৰ পৰিবহন সন্থাই।
■ ক’ভিড-১৯ ৰ সময়ছোৱাত চৰকাৰৰ তৰফৰ পৰা এক নিৰ্দেশনা জাৰি কৰা হৈছিল । ক্ষমতাৰ ১০০% আসনৰ পথকৰ আদায় কৰাৰ বিপৰীতে ৫০% যাত্রী কঢ়িয়াই ১০০% পথকৰ সংগ্ৰহৰ ব্যৱস্থাক একপক্ষীয় তথা সন্থাৰ প্রতি অন্যায় কৰা বুলি বিবেচনা কৰে সদৌ অসম মটৰ পৰিবহন সন্থাই । সেয়েহে ৫০% যাত্রী কঢ়িওৱা কালছােৱাত পথকৰাে ৫০% সংগ্ৰহৰ ব্যৱস্থা কৰাৰ আদেশ জাৰি কৰাৰ বাবে দাবী জনায় সন্থাই ।

Exit mobile version