বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়ালৈ শ্ৰীমন্ত শংকৰদেৱ বঁটা

barpeta 1

অসমীয়া জাতিৰ জনক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭১ সংখ্যক আৱিৰ্ভাব মহোৎসৱৰ দিনাই (২৬ ছেপ্টেম্বৰ) ৰাজ্যৰ বন্দনীয় থান বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ট দেৱ শৰ্মাক ৰাজ্য চৰকাৰে পূৰ্বে ঘোষণা কৰা ২০১৭বৰ্ষৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান কৰিব ৷

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত ২৬ ছেপ্টেম্বৰত বিয়লি ৪ বজাত বঁটা প্ৰদান কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ বঁটা প্ৰদান অনুষ্ঠানত বিত্ত, শিক্ষা আৰু স্বাস্থ্য বিভাগৰ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু সাংস্কৃতিক মন্ত্ৰী নৱ কুমাৰ দলে উপস্থিত থাকিব ৷

ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাক শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদানৰ খবৰে সত্ৰ নগৰী বৰপেটাবাসীক উৎফুল্লিত কৰিছে ৷ শংকৰদেৱ বঁটা প্ৰাপক শৰ্মা সত্ৰীয়া সংস্কৃতিৰ এগৰাকী সাধক একেধাৰে গায়ক, অভিনেতা, লেখক তথা মহাপুৰুষীয়া ধৰ্ম, কলা-কৃষ্টিৰ প্ৰচাৰ প্ৰসাৰক ৷

তেঁও ১৯৯৩ত বৰপেটা সত্ৰৰ ডেকাসত্ৰীয়া আৰু ২০০৬ত বুঢ়াসত্ৰীয়া পদত অধিষ্ঠিত হৈ বৰ্তমানেও বুঢ়াসত্ৰীয়া হিচাপে কাৰ্যভাৰ চলাই আছে ৷ আজীৱন সত্ৰীয়া সংস্কৃতিৰ চৰ্চা আৰু প্ৰসাৰত আত্মনিয়োগ কৰি অহা শৰ্মাই ভাৰতবৰ্ষৰ বিভিন্ন স্থানত সত্ৰীয়া সংস্কৃতি প্ৰদৰ্শন কৰি প্ৰশংসিত হৈ আহিছে ৷

সুন্দৰদিয়াৰ পিতৃ প্ৰয়াত গিৰীশ চন্দ্ৰ শৰ্মা আৰু মাতৃ প্ৰয়াত দময়ন্তী দেৱীৰ পুত্ৰ শৰ্মাৰ জন্ম হৈছিল ১৯৩৮ত ৷ সৰুৰে পৰা সত্ৰীয়া সংস্কৃতিৰ পৰিৱেশত ডাঙৰ দীঘল হোৱা শৰ্মাই ১৯৫৫ত ড° ভূপেন হাজৰিকাৰ পৰিচালিত “এৰাবাটৰ সুৰ” কথাছবিত সত্ৰীয়া শিল্পী নৰহৰি বুঢ়াভকতৰ লগত ভোৰতাল নৃত্যত অংশ গ্ৰহণ কৰি হেমাংগ বিশ্বাস আৰু বিষ্ণু প্ৰসাদ ৰাভাৰ সান্নিধ্যলৈ আহিছিল ৷

তেখেতে “পিয়লি ফুকন” নাটত বিষ্ণু ৰাভাৰ লগতো অভিনয় কৰাৰ সৌভাগ্য হৈছিল ৷ ১৯৯৮ত বিহাৰৰ পাটনাত অনুষ্ঠিত উত্তৰ-পূৱ ভাৰত নাট্য মহোৎসৱত বাদল চৌধুৰী ৰচিত মাছৰ গদ্য নাটত অভিনয় কৰি দৰ্শকক মুগ্ধ কৰিছিল ৷ তেঁও ১৯৬৮ত কেইজনমান উদীয়মান যুৱকক নাম-প্ৰসংগ, গীত-মাত, খোল-তাল, নাট ভাওনা, থিয়নাম আদিৰ প্ৰশিক্ষণ দি সুন্দৰীদিয়া কলা-কৃষ্টি নামেৰে এটা সাংস্কৃতিক অনুষ্ঠান স্থাপন কৰে ৷

পিছত এই অনুষ্ঠানটোৰ জৰিয়তে অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত কলকাতা, চেন্নাই, মুম্বাই, হিমাচল প্ৰদেশৰ মানালি, কুলুভেলি আদি ঠাইত সত্ৰীয়া সংস্কৃতি প্ৰচাৰ কৰিছিল ৷ প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক শৰ্মাই অসমৰ পিচপৰা নাইবা সত্ৰীয়া সংস্কৃতিৰ প্ৰভাৱ নপৰা ঠাইত সত্ৰীয়া কলা-কৃষ্টি প্ৰচাৰৰ অৰ্থে প্ৰশিক্ষণ দিয়াৰ কামত আত্মনিয়োগ কৰি অৰুণাচলৰ সীমান্তত পথালি পাহাৰৰ দাঁতিত নামঘৰ প্ৰতিষ্ঠাৰে নাট-ভাওনা আদিৰ এটি চৰ্চা কেন্দ্ৰ গঢ়ি তোলে ৷

আনহাতে, ভাৰতৰ প্ৰধানমন্ত্ৰী প্ৰয়াত ৰাজীৱ গান্ধীৰ কাৰ্যকালত মুম্বাইত অনুষ্ঠিত হোৱা “আপনা” উৎসৱ শীৰ্ষক অনুষ্ঠানটোত অসমৰ পৰা যোগদান কৰা আশীজনীয়া সত্ৰীয়া সংস্কৃতিৰ শিল্পী দলটোৰ নেতৃত্ব বহন কৰিছিল শৰ্মাই ৷ গায়ক হিচাপেও সুখ্যাতি থকা শৰ্মাই ১৯৭৫ৰ পৰা অদ্যপৰিমিত আকাশবাণীৰ জৰিয়তে থিয়নাম, প্ৰসংগ, হোলীগীত, নাওখেলৰ গীত আদি পৰিৱেশন কৰি আহিছে ৷

সুন্দৰ, হৰিগুণ গাই নাচা, মোহন কলিয়া, যদুপতি, বনমালীৰাম আদি কে’বাখনো মুক্তিপ্ৰাপ্ত থিয়নামৰ শ্ৰব্য কেছেটত কণ্ঠদান কৰিছে ৷ ১৯৯০ত শিল্পী পেঞ্চন লাভ কৰা শৰ্মাই ২০০১ চনত চেন্নাইত অনুষ্ঠিত সৰ্বভাৰতীয় হৰিজন সভাত সত্ৰীয়া সংস্কৃতি প্ৰদৰ্শন কৰি দালাই লামাৰ দ্বাৰা প্ৰশংসিত হৈছিল ৷

অভিনেতা শৰ্মাই মাটিৰ মানুহ, ব্যথাৰ পূজা, মহিষাসুৰ বধ, নহুষ উদ্ধাৰ আদি কে’বাখনো বাংলা নাট অসমীয়ালৈ অনুবাদ কৰি সুখ্যাতি অৰ্জন কৰিছে ৷ ‘সত্ৰীয়া নীতি সদাচাৰ’ শীৰ্ষক তেখেতৰ প্ৰকাশিত গ্ৰন্থ ৷ আজীৱন শিল্পীপ্ৰাণ বুঢ়াসত্ৰীয়া শৰ্মাক বৰপেটা সত্ৰৰ শাখা সত্ৰ সমাজ অসমে ২০১৩ত শ্ৰীশ্ৰীমথুৰাদাস বুঢ়া আতা বঁটাৰে সন্মানিত কৰাৰ লগতে সত্ৰৰত্ন, বদুলা পদ্ম আতা বঁটা, শংকৰ-মাধৱ গুৰু বঁটা আদি বহু বঁটাৰে সন্মানিত কৰিছে বশিষ্ঠ দেৱ শৰ্মাক ৷

Exit mobile version