সৰ্ব্বোচ্চ কৰ’নাত আক্ৰান্ত তালিকাৰ শীর্ষত থকা পাঁচখন ৰাজ্যত ক্ৰমে হ্ৰাস পাইছে কৰ’নাৰ সংক্ৰমণ

examining coronavirus covid 19 medical samples on kits novel corona picture id1213671473

দেশত ক্ৰমাগতভাৱে দ্রুতগতিত বৃদ্ধি পাইছে কৰ’নাৰ সংক্ৰমণ । ইয়াৰ মাজতে সক্ৰিয় কৰ’না ভাইৰাছৰ সংক্ৰমণৰ হাৰ হ্ৰাস পাইছে অন্ধ্ৰ প্ৰদেশত। বিগত দুসপ্তাহত ৩০% কমি যোৱা পৰিলক্ষিত হৈছে ।

ADVERTISEMENT

অন্ধ্ৰ প্ৰদেশত ধাৰাবাহিকভাৱে ১০ ছেপ্টেম্বৰ পৰ্যন্ত ১০ হেজাৰ লোক নতুনকৈ কৰ’নাত আক্ৰান্ত হোৱাৰ তথ্য পোৱা গৈছিল । নতুন তথ্যৰ ভিত্তিত অন্ধ্ৰ প্ৰদেশত ৮০০০ তকৈ কম লোক আক্ৰান্ত হৈছে কৰ’নাত ।

আনহাতে, দেশত সৰ্ব্বোচ্চ কৰ’নাত আক্রান্ত হোৱা পাঁচখন ৰাজ্যত বিগত কিছু দিনৰ পৰা ক্ৰমাৎ সক্রিয় ঘটনাৰ হাৰ হ্ৰাস হোৱা পৰিলক্ষিত হৈছে ।  মাহৰ আৰম্ভণিতে ৰাজ্যত দৈনিক বৃদ্ধিৰ হাৰ যিটো হাৰত বৃদ্ধি পাইছিল সম্প্ৰতি তাৰ অৰ্ধ হৈছে । ২.৫ শতাংশৰ পৰা হৈছেগৈ ১.২৫ শতাংশ। আনহাতে, মহাৰাষ্ট্ৰত বিগত দিনত সক্ৰিয় ঘটনাৰ ১০ শতাংশ হ্ৰাস পাইছে । ৩ লাখৰ অধিক ঘটনাৰ পৰা বৰ্তমান হয়গৈ ২.৭৫ লাখ ।

তামিলনাডু, কৰ্ণাটক আৰু উত্তৰ প্ৰদেশতো কৰ’নাৰ ঘটনা হ্রাস হ’লেও তাৎপৰ্যপূৰ্ণ । যোৱা সপ্তাহত দেশত প্ৰত্যেকদিনাই ৯.৮১ লাখ নমুনা পৰীক্ষা সম্পন্ন কৰা হয়। বুধবাৰে, দেশত ৪৬,৫০০ তকৈ অধিক নতুন সংক্ৰমিত ঘটনাৰ তথ্য পোহৰলৈ আহে। ইতিমধ্যে বিগত সপ্তাহত তীব্ৰ গতিত সুস্থতাৰ সংখ্যা ১ লাখলৈকে বৃদ্ধি পাইছে ।

ইপিনে, বুধবাৰে কৰ’নাৰ পৰা মুক্ত হিচাপে ঘোষণা কৰে ৮৭,৩০০ জন লোকক । এই পর্যন্ত দেশত ৫৭.৩২ লাখ লোক আক্ৰান্ত হৈছে কৰ’নাত । ইয়াৰ ভিতৰত ৮২ শতাংশ সুস্থ হৈ উঠিছে আৰু মৃত্যুৰ ঘটনাৰ সংখ্যা হৈছেগৈ ৯১,৫০০টা । প্ৰত্যেকদিনাই এহেজাৰ জন লোক কৰ’নাত আক্ৰান্ত হৈ মৃত্যু ঘটিছে ।

Exit mobile version